কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত বিমান পৰিবহন সংস্থা ইণ্ডিগ এয়াৰলাইনছৰ সংকটৰ বাবে বৰঝাৰকে ধৰি দেশৰ বিভিন্ন বিমান বন্দৰত সৃষ্টি হোৱা অচলাবস্থা দূৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ লৈছে। অসামৰিক বিমান পৰিবহণ মন্ত্র্যালয়ে আজি নিশা ৮ বজাৰ ভিতৰত বাতিল হোৱা বিমানৰ টিকটৰ ধন যাত্ৰীসকলক ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে। নির্দেশটোত লগতে বিমান পৰিবহণ সংস্থাটোৱে ৪৮ ঘণ্টাৰ ভিতৰত যাত্ৰীৰ বয়বস্তুবোৰো ঘূৰাই দিব লাগিব বুলি উল্লেখ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ইণ্ডিগত দেখা দিয়া সংকটৰ সুযোগ লৈ অন্য বিমান পৰিবহন সংস্থাবোৰে টিকটৰ দাম বৃদ্ধি কৰা সন্দৰ্ভতো নির্দেশনা জাৰি কৰিছে। মন্ত্র্যালয়ে বিমান পৰিবহণ সংস্থাবোৰৰ টিকটৰ ভাৰাৰ নিৰিখ স্থিৰ কৰিছে। সেই অনুসৰি ৫০০ কিলোমিটাৰ পর্যন্ত বিমান যাত্ৰাৰ বাবে সংস্থাবোৰে যাত্ৰীৰ পৰা চাৰে সাত হাজাৰ টকাহে ভাৰা আদায় কৰিব পাৰিব। একেদৰে ৫০০ৰ পৰা এহেজাৰ কিলোমিটাৰলৈকে ১২ হাজাৰ টকা, এহেজাৰৰ পৰা ডেৰ হাজাৰ কিলোমিটাৰলৈকে ১৫ হাজাৰ আৰু ১৫ হাজাৰ কিলোমিটাৰতকৈ অধিক দূৰত্বৰ বাবে সৰ্বাধিক ১৮ হাজাৰ টকাৰ বিমান ভাৰা স্থিৰ কৰা হৈছে। অৱশ্যে বিমানৰ বিজনেছ ক্লাছৰ যাত্ৰীৰ বাবে এই নিৰিখ প্রযোজ্য নহ’ব।
Site Admin | December 7, 2025 12:10 PM | Indigo air lines | Ministry of Civil Aviation
দেশৰ বিভিন্ন বিমান বন্দৰত সৃষ্টি হোৱা অচলাবস্থা দূৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ পদক্ষেপ