দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শ্রীভূমি জিলাতো কাইলৈ ষষ্ঠদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হ’ব

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শ্রীভূমি জিলাতো কাইলৈ ষষ্ঠদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হ’ব। এই উপলক্ষে জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষা প্ৰতিষ্ঠান, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আদিত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ অংগীকাৰ লোৱা হয়। এই বছৰৰ ভোটাৰ দিৱসৰ বিষয়বস্তু – মাই ইণ্ডিয়া মাই ভোটৰ আধাৰত নিৰ্বাচন আযোগে প্ৰেৰণ কৰা ভোটাৰৰ অংগীকাৰ পাঠ কৰাবলৈ জিলাৰ সকলো কাৰ্যালয়ৰ মুৰব্বীসকলক আয়োগৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে।