৭৭ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত এদিন থকা অৱস্থাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাতে ব্যাপক প্রস্তুতি চলিছে। জিলা সদৰ সমূহত কুচকাৱাজৰ অনুশীলন কৰি থকা হৈছে। গুৱাহাটীৰ খানাপাৰত থকা অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচী উদযাপন কৰা হ’ব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই পুৱা ৯ বজাত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব। ইতিমধ্যে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ২৪টা দলে কুছকাৱাজৰ অনুশীলন অব্যাহত ৰাখিছে। এইবেলি মিজোৰাম আৰক্ষীৰ এটা দলেও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা। ডিব্ৰুগড় জিলাতো গণৰাজ্য দিৱসৰ বাবে প্রস্তুতি চলাই থকা হৈছে। জিলাখনৰ খনিকৰ খেলপথাৰত হ’বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পতাকা উৰুৱাব। ইয়াৰ বাবে দিনে-নিশাই প্রস্তুতি চলাই থকা হৈছে। ডিব্ৰুগড় মহানগৰত গণৰাজ্য দিৱস উপলক্ষে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। সমাগত গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয় ২৬ জানুৱাৰীলৈকে খোলা ৰাখিবলৈ জিলা আয়ুক্তই এখন জাননী জাৰি কৰিছে। বৰপেটা জিলাতো গণৰাজ্য দিৱস উদযাপনৰ বাবে প্রস্তুতি অব্যাহত আছে। বৰপেটা পৌৰসভা খেলপথাৰত জিলা ভিত্তিক কার্যসূচী অনুষ্ঠিত হব। আজি কুচকাৱাজৰ পূৰ্ণ পৰ্যায়ৰ অনুশীলন কৰা হয়। জিলা আৰক্ষীৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী আৰু স্কাউট এণ্ড গাইডে এই অনুশীলন চলায়। দক্ষিণ শালমাৰা মানকাচৰ জিলাতো আজি গণৰাজ্য দিৱসৰ কুটকাৱাজৰ অনুশীলনৰ সামৰণি পৰিছে। জিলাখনৰ হাটশিঙিমাৰি মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস উদ্যাপন কৰা হ’ব। দিৱসৰ কুছকাৱাজত অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, এন চিচি কে ধৰি মুঠ ১৩ টা দলে অংশগ্ৰহণ কৰিব। এইবাৰ নতুন দিল্লীত হবলগীয়া গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ পোৰামাটি শিল্পৰ প্ৰতীক পট প্ৰদৰ্শন কৰা হ’ব। ধুবুৰীৰ আশাৰিকান্দিৰ ভৌগোলিক সূচ্যাংকৰ পৰিচিতি লাভ কৰা এই শিল্প এইবাৰৰ পেৰেডত দেশবাসীৰ সন্মুখত উজ্বলি উঠিব।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা কাইলৈ দেশবাসীক উদ্দেশ্যি ভাষণ দিব। সন্ধিয়া ৭ বজাৰ পৰা এই ভাষণ আকাশবাণীৰ সকলো নেটৱৰ্ক আৰু দূৰদৰ্শনৰ সকলো চেনেলে সম্প্ৰচাৰ কৰিব। হিন্দী আৰু ইংৰাজীত এই ভাষণ প্ৰচাৰৰ পাছতে আঞ্চলিক ভাষাতো এই ভাষণ প্ৰচাৰ কৰা হ’ব। আকাশবাণী গুৱাহাটীয়ে নিশা চাৰে ন বজাত এই ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব।
Site Admin | January 24, 2026 7:54 PM | 77th Republic Day | AIR GUWAHATI | Akashvani | Akashvani Guwahati | Local news
দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাত গণৰাজ্য দিৱসৰ ব্যাপক প্রস্তুতি