দেশৰ বিভিন্ন প্ৰান্তত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অব্যাহত

দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত ৰাজনৈতিক দলসমূহে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অব্যাহত ৰাখিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আলিগড় আৰু ফটেহপুৰ ছিক্ৰী জিলাত প্ৰচাৰ চলায়। একেদৰে বিৰোধী দলসমূহেও প্ৰচাৰ ব্যাপক ৰূপত চলাই আছে। বহুজন সমাজ পাৰ্টীৰ মুৰববী মায়াৱতীয়ে আজি বুলণ্ডশেহৰ জিলাত আয়োজিত এটা নির্বাচনী সমাবেশত দিয়া ভাষণত বিজেপিক সমালোচনা কৰি কয় যে, দলটোৱে জনসাধাৰণক আভুৱা ভৰাৰ বিপৰীতে সঁচা অৰ্থত কোনো লেখত ল’বলগীয়া কাম কৰা নাই। কংগ্ৰেছ দলৰ হৈ ৰাজ্যখনৰ তত্বাৱধায়ক অবিনাশ পাণ্ডেই আজি বিভিন্ন স্থানত প্ৰচাৰ চলায়। ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেৰালাৰ ৱায়নাড সমষ্টিত দলীয় প্ৰাৰ্থীৰ্গৰাকীৰ হৈ এটা ৰোড শ্বত অংশ লয়। সমষ্টিটোত কংগ্ৰেছৰ দলৰ নেতা ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। নিজৰ ভাষণত ড° শৰ্মাই কয় যে, সমষ্টিটোৰ জনসাধাৰণে কংগ্ৰেছ নেতাগৰাকীক এইবাৰ সমুচিত উত্তৰ দিব।