ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দেশৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন

দেশৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই খণ্ডৰ সৈতে জড়িত লোকসকলক শুভেচ্ছা জ্ঞাপন কৰে। হস্ততাঁত খণ্ডৰ জৰিয়তে নাগৰিকৰ সৃষ্টিশীলতা প্রকাশ পাই বুলি তেওঁ কয়। নতুন দিল্লীত আয়োজিত কাৰ্যসূচীত কেন্দ্রীয় বস্ত্র মন্ত্রী গিৰিৰাজ সিঙে হস্ততাঁত খণ্ডত উল্লেখযোগ্য অৱদান আগবঢ়োৱা শিপিনীসকলক সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰে। দেশৰ প্ৰায় ৬৫০গৰাকী শিপিনী, বিদেশী ক্রেতা, বিশিষ্ট ব্যক্তি আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াসকলে এই সমাৰোহত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ সচিব নীলম স্বামী ৰাও এই অনুষ্ঠানত অংশ লয়।
মন্ত্ৰী বিমল বৰাই আজি ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প সন্দৰ্ভত ইউৰোপীয় সংঘৰ কেইবাগৰাকী বিষয়ববীয়াৰ সৈতে মত-বিনিময় কৰে। এই দিৱসৰ সৈতে সংগতি ৰাখি হস্ততাঁত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বিশেষ কার্যসূচী অনুষ্ঠিত হয়। হস্ততাঁত, বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই এই অনুষ্ঠানত অংশ লৈ হস্ততাঁত খণ্ডত অৱদান আগবঢ়োৱা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৫০ গৰাকী শিপিনীক সন্মান আগবঢ়ায়।
মাজুলীৰ কমলাবাৰীৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প অধীক্ষকৰ কাৰ্যালয়তো এই দিৱস উদযাপন কৰা হয়। জিলাখনৰ কেইবাগৰাকীও হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সৈতে জড়িত ব্যক্তিক মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।
বাক্সা জিলাৰ খাৰুৱাজানত বিটিচিৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত এই দিৱস পালন কৰা হয়। বড়োলেণ্ড মিছন ২০২৫ৰ অধীনত ৪টা গোটক অনুষ্ঠানটোত বঁটা প্ৰদান কৰা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।