ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দেশৰ বিভিন্ন অংশত ভগৱান শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমী উদযাপন

দেশৰ বিভিন্ন অংশত আজি ভগৱান শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু প্ৰধান মন্ত্রী জন্মাষ্টমী উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ভগৱান শ্ৰীকৃষ্ণই মানৱ জাতিক সকলোৰে কল্যাণৰ বাবে নিষ্ঠাবান হৈ সঠিক পথ অনুসৰি কিদৰে কৰ্তব্য সম্পাদন কৰিব পাৰি তাৰ সন্ধান দিছে। শ্ৰীমতী মুৰ্মুৱে লগতে ভগৱান শ্ৰীকৃষ্ণই দেখুৱাই যোৱা পথ অনুসৰণ কৰিবলৈ আৰু সমাজ তথা ৰাষ্ট্ৰৰ সুদৃঢ়কৰণৰ বাবে কাম কৰিবলৈ নাগৰিকসকলক আহ্বান জনাইছে।
প্রধানমন্ত্রী মোদীয়ে এটা বার্তাযোগে বিশ্বাস আনন্দ আৰু উৎসাহৰ পৱিত্ৰ উৎসৱ জন্মাষ্টমীয়ে জনসাধাৰণৰ জীৱনত নতুন উৎসাহ উদ্দীপনাৰ সঞ্চাৰ কৰিব বুলি আশা কৰিছে।
দেশৰ ঠাইবিশেষে আজি জন্মাষ্টমী পালন কৰা হৈছে যদিও অসমত পুৰণি পৰম্পৰা অনুযায়ী ভাদ মাহতহে জন্মাষ্টমী উদযাপন কৰা হ’ব।