দেশৰ বাবে কাম কৰিলে অথবা নতুন অৱদান আগবঢ়ালে সৃষ্টি হোৱা অনুভূতি অনুপ্ৰেৰণাৰ অপৰিসীম উৎস হৈ পৰিব পাৰে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্রকাশ

দেশৰ বাবে কাম কৰিলে অথবা নতুন অৱদান আগবঢ়ালে সৃষ্টি হোৱা অনুভূতি অনুপ্ৰেৰণাৰ অপৰিসীম উৎস হৈ পৰিব পাৰে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কালি চুৰাটত দেশৰ প্রথমটো বুলেট ট্রেইন প্রকল্প ৰূপায়ণ কৰি থকা গোটটোৰ সৈতে মত বিনিময় কৰাৰ লগতে ইয়াৰ পর্যালোচনা কৰি শ্রীমোদীয়ে এইদৰে কয়। তেওঁ ভাৰতৰ মহাকাশ অভিযানৰ বিষয়ে উল্লেখ কৰি কয় যে দেশৰ প্ৰথমটো উপগ্রহ উৎক্ষেপন কৰাৰ সময়ত বিজ্ঞানীসকলে কেনে অনুভৱ কৰিছিল আৰু আজি শ-শ উপগ্রহ উৎক্ষেপন কৰা হৈছে। প্রধানমন্ত্রীয়ে বুলেট ট্রেইন প্রকল্পটোৰ অগ্ৰগতিৰ বিষয়ে বুজ লয়। প্ৰকল্পটোৰ ৰূপায়নকাৰী গোটটোৱে কোনো ধৰণৰ জটিলতা নোহোৱাকৈ ইয়াৰ কাম-কাজ আগবাঢ়ি আছে বুলি প্রধানমন্ত্রীক অৱগত কৰে। শ্রীমোদীয়ে কয় যে এই অভিজ্ঞতাসমূহ যদি লিপিবদ্ধ আৰু সংকলন কৰা হয় তেন্তে দেশে বুলেট ট্রেইন বৃহৎ পৰিসৰত ৰূপায়ণৰ দিশত আগবাঢ়িব পাৰে। দেশে বাৰে বাৰে পৰীক্ষা-নিৰীক্ষা কৰাৰ পৰা বিৰত থাকিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ পৰিৱৰ্তে বৰ্তমানৰ আৰ্হিৰ পৰা অভিজ্ঞতা লৈ পৰৱৰ্তী পৰ্যায়ত আগবাঢ়িব লাগিব। প্রধানমন্ত্রীয়ে কয় যে কোনো এটা ব্যবস্থা কিয় গ্রহণ কৰা হৈছে সেইটো স্পষ্টকৈ বুজিব পাৰিলেহে লিপিবদ্ধকৰণ অর্থপূৰ্ণ হ’ব। এনে লিপিবদ্ধকৰণে ভৱিষ্যতৰ ছাত্র-ছাত্রীসকলক উপকৃত কৰাৰ লগতে জাতি গঠন প্রক্রিয়াতো অৰিহনা যোগাব বুলি প্রধানমন্ত্রীয়ে প্রকাশ কৰে। তেওঁ কয় যে আমি নিজৰ কৰ্মত নিজকে সমর্পন কৰাৰ লগতে দেশৰ বাবে বিশেষ অবদান আগবঢ়াই যাম। প্রধানমন্ত্রীৰ লগত কেন্দ্রীয় ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণব উপস্থিত আছিল।