ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 5, 2024 8:30 PM | giriraj sing | India

printer

দেশৰ বস্ত্ৰ উদ্যোগ সমগ্ৰ বিশ্বতে অগ্রণী ভূমিকা গ্ৰহণ কৰিব পৰাকৈ সামৰ্থ আৰু সম্ভাৱনাৰে সমৃদ্ধঃ কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰীৰাজ সিং

কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰীৰাজ সিঙে কৈছে যে দেশৰ বস্ত্ৰ উদ্যোগ সমগ্ৰ বিশ্বতে অগ্রণী ভূমিকা গ্ৰহণ কৰিব পৰাকৈ সামৰ্থ আৰু সম্ভাৱনাৰে সমৃদ্ধ। আজি নতুন দিল্লীত ভিজন এক্সটি প’ৰ্টেল আৰু দেশৰ প্ৰথমখন ফেশ্বন শৈলী সম্পৰ্কীয় গ্ৰন্থ পৰিধি উন্মোচন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। উল্লেখযোগ্য যে ভিজন এক্সটি হৈছে বস্ত্ৰ মন্ত্ৰ্যালয়ৰ পুঁজিৰে ৰাষ্ট্ৰীয় ফেশ্বন ডিজাইনিং প্রতিষ্ঠানত স্থাপন কৰা এটা ফেশ্বনৰ শেহতীয়া ধাৰাৰ মূল্যায়ণ আৰু পূর্বানুমানৰ প্ৰয়োগশালা। অনুষ্ঠানত কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই কয় যে, দেশৰ ফেশ্বন উদ্যোগ বৈচিত্ৰময় আৰু এই উদ্যমে গোলকীয় বজাৰত ভাৰত কেন্দ্ৰিক ডিজাইনৰ প্ৰচলনক উদগনি যোগাব৷