ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দেশৰ বজাৰৰ ১৭৫ বিধ সামগ্ৰীৰ ওপৰত থকা কৰৰ পৰিমাণ হ্ৰাস

জি এছ টি পৰিষদে অহা ২২ ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সামগ্ৰী আৰু সেৱা কৰৰ স্তৰ বৰ্তমানৰ ৪ টাৰ পৰা ২ টালৈ হ্ৰাস কৰাৰ সিদ্ধান্তক সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে আদৰণি জনাইছে। এই সিদ্ধান্তৰ ফলত দেশৰ বজাৰৰ ১৭৫ বিধ সামগ্ৰীৰ ওপৰত থকা কৰৰ পৰিমাণ হ্ৰাস পাব।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ৭ ছেপ্তেম্বৰৰ সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত জি এছ টি হ্রাস সম্পর্কে সমাজৰ বিভিন্ন শ্রেণীৰ লোকৰ মতামত প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ।