December 25, 2025 10:46 AM | Atal Bihari Vajpayee

printer

দেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জয়ন্তী

আজি দেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জয়ন্তী। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণাস্থল উদ্বোধন কৰিব আৰু এখন জনসভাক সম্বোধন কৰিব। নিজৰ নেতৃত্বৰ জৰিয়তে দেশৰ গণতান্ত্রিক, ৰাজনৈতিক আৰু বিকাশৰ যাত্ৰাত গভীৰ প্ৰভাৱ বিস্তাৰ কৰা ভাৰতৰ অন্যতম শ্রদ্ধা নেতাগৰাকীৰ জীৱন আৰু আদৰ্শৰ প্ৰতি শ্ৰীমোদীৰ দৃষ্টিভংগীৰে নিৰ্মিত ৰাষ্ট্ৰ প্ৰেৰণাস্থলে সন্মান প্ৰদৰ্শন কৰিব। ৬৫ একৰ ভূমিত প্রায় ২৩০ কোটি টকা ব্যয়ৰে এই প্ৰেৰণাস্থল নিৰ্মাণ কৰি উলিওৱা হৈছে। ইয়াত প্রয়াত বাজপেয়ীৰ লগতে ড০ শ্যামাপ্রসাদ মুখাৰ্জী আৰু পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ৬৫ ফুট উচ্চতাৰ একোটাকৈ ব্ৰঞ্জৰ মূৰ্তি থাকিব। এই মূৰ্তিকেইটাৰ জৰিয়তে ভাৰতৰ ৰাজনৈতিক চিন্তা, ৰাষ্ট্ৰ নিৰ্মাণ আৰু জনসাধাৰণৰ জীৱনলৈ তেওঁলোকে আগবঢ়োৱা অনবদ্য অৱদানসমূহক সোঁৱৰণ কৰা হ’ব। ৰাষ্ট্ৰ প্ৰেৰণাস্থলৰ ভিতৰত ৯৮ হাজাৰ বৰ্গফুট এলেকা সামৰি পদুম ফুলৰ আৰ্হিত এটা অত্যাধুনিক সংগ্রহালয়ো নিৰ্মাণ কৰি উলিওৱা হৈছে।