November 14, 2025 9:42 PM | children day

printer

দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন

আজি শিশু দিৱস। দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতিবছৰে শিশু দিৱস হিচাপে পালন কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰীলৈ জন্ম বার্ষিকীত গভীৰ শ্রদ্ধা জ্ঞাপন কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো শিশু দিৱস উপলক্ষে সামাজিক মাধ্যমযোগে শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ড° শৰ্মাই শিশু পৃথিৱীৰ আটাইতকৈ প্ৰিয়তম উপহাৰ বুলি মন্তব্য কৰি প্ৰতিটো শিশুৰ কুশল কামনা কৰে ।

 

ডিব্ৰুগড় জিলাৰ আটাইকেইখন শিক্ষানুষ্ঠানতে শিশু দিৱস পালন কৰা হয়। ছাত্র-ছাত্রীসকলে নৃত্য-গীত পৰিৱেশন কৰাৰ লগতে প্রয়াত প্ৰধানমন্ত্ৰীগৰাকীক শ্রদ্ধা জনায়। কাৰ্বি আংলং জিলাৰ ডিফুৰ ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নৃত্য-গীত পৰিৱেশন কৰি এই দিৱস পালন কৰে। ইয়াৰ লগতে অনুষ্ঠানত শিক্ষক-শিক্ষয়িত্ৰীসকলে জনতাৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী শীর্ষক গীতটো পৰিৱেশন কৰি প্ৰয়াত শিল্পীগৰাকীক শ্রদ্ধা জনায়।

 

বিশ্বনাথ জিলাৰ গহপুৰৰ ৰজাবাৰীত দুদিনীয়া কাৰ্যসূচীৰে শিশু দিৱস পালন কৰা হৈছে। শিশুসকলৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে ত্রিবেনী মইনা পাৰিজাতৰ উদ্যোগত আজি বিভিন্ন প্রতিযোগিতা অনুষ্ঠিত হয়।

 

গোৱালপাৰা জিলাৰ শিক্ষানুষ্ঠানসমূহতো আজি বর্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস পালন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত খেল-ধেমালিৰ লগতে বিভিন্ন প্ৰচিযোগিতা অনুষ্ঠিত হয়। বলদমাৰীৰ বালাৰভিটাপাৰা প্ৰাথমিক বিদ্যালয়ত শিশুসকলৰ মাজত বক্তৃতা প্ৰতিযোগিতাৰ মাজতে সংগীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।

তিনিচুকীয়া জিলাৰ ৰজাগড় মৌকোঁহ ম‍ইনা পাৰিজাতৰ সৌজন্যত শিশু দিৱস উপলক্ষে জিলাভিত্তিত ১১ ৰ পৰা ১৪ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ মাজত মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৰাজ্যৰ সকলো বিদ্যালয়তে শিশু দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন কার্যসূচী অনুষ্ঠিত হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।