দেশৰ প্ৰতিৰক্ষা বাজেট ২০১৩-১৪ বৰ্ষৰ ২ লাখ কোটি টকাৰ বিপৰীতে বর্তমান ৬ লাখ ৮১ হাজাৰ কোটি টকালৈ বৃদ্ধি

লোকসভাত আজি ২০২৫–২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটৰ সন্দৰ্ভত আলোচনা কৰা হয়। ডি এম কেৰ সাংসদ দয়ানিধি মৰাণে বর্তমান বাজেটখন সম্পূৰ্ণৰূপে পুঁজিপতিৰ পক্ষত থকা বুলি অভিযোগ কৰি কয়, যে চৰকাৰে মুদ্রাস্ফীতি, নিবনুৱা সমস্যাকে ধৰি জনসাধাৰণৰ প্ৰকৃত সমস্যাসমূহ সমাধান কৰাত বিফল হৈছে। তেওঁ ভাৰতৰ অৰ্থনীতি মন্থৰ হৈছে বুলি অভিযোগ কৰি কয়, যে দেশত বিগত বৰ্ষত মুঠ ঘৰুৱা উৎপাদন ৬.৪ শতাংশ হয়। তেওঁ লগতে কয়, যে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতৰ টকাৰ মূল্য সৰ্বনিম্ন হৈছে। কংগ্ৰেছৰ মনিষ তিৱাৰীয়ে কয়, যে চৰকাৰে বিমুদ্ৰাকৰণৰ সময়ত ঘোষণা কৰা কোনো এটা বিষয়তে সফলতা অৰ্জন কৰা নাই৷ বৰ্তমানৰ বাজেটত কৰ হ্ৰাস কৰাৰ সন্দৰ্ভত তেওঁ কয়, যে কৰাতাসকলে এই হ্ৰাস কৰাৰ সন্দৰ্ভত বিগত ৫ বছৰৰ পৰা দাবী উত্থাপন কৰি আহিছিল। তেওঁ চৰকাৰক ঘাটি বাজেটৰ সন্দৰ্ভতো প্রশ্ন উত্থাপন কৰে। তেওঁ লগতে দেশৰ কৃষি খণ্ড প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰে। বিজেপিৰ সাংসদ অনুৰাগ সিং ঠাকুৰে এই বাজেটখনক দেশৰ কল্যাণকামী বাজেট বুলি অভিহিত কৰি এই বাজেটখনে সমাজৰ প্ৰতিটো স্তৰৰ জনসাধাৰণৰ বাবে অভিলেখ পৰিমাণত পুঁজি আৱণ্টন দিছে বুলি মন্তব্য কৰে। তেওঁ লগতে কয়, যে বৰ্তমানৰ এন দি এ চৰকাৰৰ অধীনত দেশৰ অর্থনীতি এটা নতুন উচ্চতালৈ গতি কৰিছে আৰু বিশ্বৰ পঞ্চম অৰ্থব্যৱস্থাৰ দেশ হিচাপে স্থান অধিকাৰ কৰিছে। পৰৱৰ্তী ৩ টা বছৰত ভাৰত বিশ্বৰ তৃতীয় অৰ্থনীতিৰ দেশ হিচাপে উন্নীত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ কয়, যে দেশৰ প্ৰতিৰক্ষা বাজেট ২০১৩-১৪ বৰ্ষৰ ২ লাখ কোটি টকাৰ বিপৰীতে বর্তমান ৬ লাখ ৮১ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। ৰে’লৱে বাজেট ২৭ হাজাৰ কোটি টকাৰ পৰা ২ লাখ ৫৫ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ ইউ পি এ চৰকাৰৰ দিনৰ কেলেংকাৰীক সমালোচনা কৰি তেওঁ কয়, যে বৰ্তমানৰ চৰকাৰে বিকশিত ভাৰতৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।