দেশৰ প্ৰতিৰক্ষা উদ্যোগত এক লাখ ৫০ হাজাৰ কোটি টকা মূল্যৰ সামগ্রী উৎপাদন কৰা হৈছে। একেদৰে প্ৰতিৰক্ষা সঁজুলি ৰপ্তানিৰ পৰিমাণে ২৩ হাজাৰ কোটি টকাৰ নিৰিখ অতিক্ৰম কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি মৰক্কোত এই কথা প্ৰকাশ কৰে। দেশখনৰ ৰাবাটত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁ লগতে কয়, যে ভাৰতে সম্প্রতি এশ খনতকৈও অধিক ৰাষ্ট্ৰলৈ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰি আছে। বিগত দশকটোত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে সৰ্বাত্মক অগ্রগতি লাভ কৰিছে বুলি মত প্ৰকাশ কৰি তেওঁ কয়, যে আন্তঃৰাষ্ট্ৰীয় আৰু ভূ-ৰাজনৈতিক দিশৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হৈও দেশখন বিশ্বৰ অন্যতম দ্রুত বিকশিত অর্থনীতি হিচাপে পৰিগণিত হৈছে। ভাৰতে পূৰ্বৰ একাদশ স্থানৰ পৰা উন্নীত হৈ সম্প্ৰতি চতুৰ্থ বৃহৎ অর্থনীতি হিচাপে আত্মপ্ৰকাশ কৰাৰ লগতে অচিৰেই প্ৰথম তিনিটাৰ ভিতৰত স্থান লাভ কৰাৰ সম্ভাৱনা আছে বুলিও তেওঁ লগতে প্ৰকাশ কৰে।
কালিৰ এই মত বিনিময়ৰ সময়ত ভাৰতীয় সম্প্রদায়ে অপাৰেচন সিন্দূৰৰ সময়ত দেশৰ সশস্ত্র বাহিনীয়ে গ্ৰহণ কৰা ভূমিকা তথা সক্রিয়তাক ভূয়সী প্ৰশংসা কৰে। এই প্ৰসংগত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে বিষয়টোক লৈ সশস্ত্র বাহিনী পূর্ণ প্রস্তুতিৰে অগ্ৰসৰ হোৱাৰ উপৰি পেহেলগামত নিৰিহ ভাৰতীয় নাগৰিকৰ ওপৰত সংঘটিত কাপুৰুষোচিত আক্ৰমণৰ প্ৰত্যুত্তৰ দিবৰ বাবে তেওঁলোকক পূৰ্ণ স্বাধীনতা অৰ্পণ কৰা হৈছিল। উল্লেখযোগ্য যে এইবেলি প্ৰথমবাৰৰ বাবে ভাৰতৰ এগৰাকী প্ৰতিৰক্ষা মন্ত্ৰীয়ে দক্ষিণ আফ্ৰিকাৰ দেশখন ভ্ৰমণ কৰে। শ্ৰী সিঙৰ এই ভ্রমণে ভাৰত আৰু মৰক্কোৰ মাজৰ সম্পৰ্ক অধিক গভীৰ কৰাটোকো সূচাইছে বুলি বিভিন্ন মহলত চৰ্চা হৈছে।