প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক প্রযুক্তিৰ দিশত আগবঢ়াই নিয়াৰ লগতে স্ব-নিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ভূমিকাক প্ৰশংসা কৰিছে। ডিজিটেল ইণ্ডিয়াই যুৱ প্ৰজন্মক উদ্ভাৱনীমূলক কাম-কাজ কৰাৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ উপৰি বিগত ১১ বছৰত ভাৰতক গোলকীয় প্ৰযুক্তিৰ শক্তি কেন্দ্ৰলৈ ৰূপান্তৰ ঘটাইছে বুলি শ্ৰী মোদীয়ে মন্তব্য কৰে। সামাজিক মাধ্যম এক্সত মাই গভ ইণ্ডিয়াৰ এটা বাৰ্তাত সঁহাৰি দি মুখ্যমন্ত্ৰীয়ে কয়, যে প্ৰযুক্তিৰ সুচল ব্যৱহাৰৰ দ্বাৰা জনসাধাৰণ বিভিন্ন দিশত উপকৃত হৈছে। ডিজিটেল ইণ্ডিয়া কার্যসূচীয়ে প্রযুক্তিক সবলীকৰণ, ব্যৱধান হ্ৰাস, বিভিন্ন সুযোগ সন্ধান আৰু প্ৰশাসনক স্বচ্ছ তথা জনসাধাৰণৰ কাষ চপাই নিয়াৰ মাধ্যম হিচাপে পৰিণত কৰিছে বুলি প্ৰধানমন্ত্রীয়ে কয়। তেওঁ লগতে কয়, যে সেৱা প্ৰদানৰ সুবিধা আৰু স্বচ্ছতা নিশ্চিত হোৱাৰ লগতে প্ৰযুক্তিয়ে আটাইতকৈ দৰিদ্ৰজনৰ সৱলীকৰণৰ মাধ্যম হিচাপে বিবেচিত হৈছে। আওহতীয়া গাঁওসমূহলৈ ইণ্টাৰনেটৰ সুবিধা লৈ যোৱাৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক সময়ৰ ডিজিটেল লেনদেনৰ ব্যৱস্থালৈকে এই ৰূপান্তৰে বিশ্বক নেতৃত্ব প্ৰদান কৰিবলৈ সমৰ্থ হৈছে। ১১ বছৰৰ ডিজিটেল ইণ্ডিয়া কার্যসূচী সর্বাত্মক বিকাশ, উদ্ভাৱন আৰু ভাৰত প্ৰযুক্তিক্ষেত্ৰৰ শক্তিকেন্দ্ৰৰূপে পৰিগণিত হোৱাৰ এটা সফল কাহিনী বুলি প্রধানমন্ত্রীয়ে মত প্রকাশ কৰে।
Site Admin | June 12, 2025 2:38 PM | Akashvani News | narendra modi | PMO Modi
দেশৰ প্রযুক্তিৰ লগতে স্ব-নিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ভূমিকাক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা