■ দেশৰ পঞ্চদশগৰাকী উপ-ৰাষ্ট্ৰপতি পদৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত হৈছে। নতুন সংসদ ভৱনত জ্যেষ্ঠ বিজেপি নেতা আৰু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে ভোটদান কৰে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অশ্বিনী বৈষ্ণৱ, জিতেন্দ্ৰ সিং, প্ৰহ্লাদ যোশী, ৰাজ্য সভাৰ
উপ-সভাপতি হৰি বংশ, প্রাক্তন প্ৰধানমন্ত্ৰী আৰু জে ডি এছৰ সাংসদ এইচ ডি দেৱেগৌড়া, ৰাজ্যসভাৰ বিৰোধী দলপতি আৰু কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, জ্যেষ্ঠ কংগ্ৰেছ সাংসদ ছোনিয়া গান্ধী, ডি এম কে সাংসদ দয়ানিধি মাৰান, সমাজবাদী পাৰ্টীৰ সাংসদ ৰামগোপাল যাদৱ আৰু জে ডি ইউৰ সাংসদ সঞ্জয় ঝায়ে ইতিমধ্যে ভোটদান কৰিছে। লোকসভা আৰু ৰাজ্যসভাৰ আন আন সদস্যসকলেও ভোটদান কৰিছে। বিয়লি ৫ বজাত ভোটগ্ৰহণৰ সামৰণি পৰিব। সন্ধিয়া ৬ বজাৰ পৰা ভোটগণনা কৰা হ’ব। এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণ আৰু আই এন ডি আই এ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীয়ে উপ-ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিছে। সাংবিধানিক ব্যৱস্থা অনুযায়ী লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলক লৈ গঠিত ভোটদাতা মণ্ডলীয়ে সমানুপাতিক প্রতিনিধিত্বৰ আধাৰত উপ-ৰাষ্ট্ৰপতি পদৰ বাবে গোপন বেলটৰ যোগেৰে ভোটদান কৰে। বৰ্তমান লোকসভাৰ সদস্যৰ সংখ্যা হৈছে ৫৪২ আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা হৈছে ২৩৯। সেই অনুসৰি দুয়োখন সদনৰ মুঠ ৭৮১ গৰাকী সদস্যৰ ভিতৰত ৩৯১ গৰাকীৰ ভোট লাভ কৰা প্ৰাৰ্থীগৰাকী উপ-ৰাষ্ট্ৰপতি হিচাপে বিজয়ী হ’ব।
উল্লেখযোগ্য যে পূৰ্বৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে যোৱা জুলাই মাহত পদত্যাগ কৰাৰ বাবে এই নিৰ্বাচনৰ প্ৰয়োজন হৈছে
Site Admin | September 9, 2025 2:42 PM | Akashvani | Akashvani News | President Election | VP Election
দেশৰ পঞ্চদশগৰাকী উপ-ৰাষ্ট্ৰপতি পদৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত
