ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দেশৰ নাগৰিকসকল জাতীয়তাবাদৰ প্রতি প্রতিশ্রুতিবদ্ধতা অবিহনে কোনো এখন দেশৰেই বিকাশ সম্ভৱ নহয়ঃ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে দেশৰ নাগৰিকসকল জাতীয়তাবাদৰ প্রতি প্রতিশ্রুতিবদ্ধতা অবিহনে কোনো এখন দেশৰেই বিকাশ সম্ভৱ নহয়। দিল্লীত আজি এন চি চি গণৰাজ্য দিৱস শিবিৰ মুকলি কৰি শ্ৰীধনখড়ে কয়, যে ভাৰতৰ উন্নয়নৰ বাবে জাতীয়তাবাদ সংস্থা আৰু ৰাষ্ট্ৰ প্ৰথম দৃষ্টিভংগীৰ প্ৰয়োজন। উপৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে দেশৰ ৰূপান্তৰ ৫ টা বুনিয়াদি স্তম্ভৰ ওপৰত নিৰ্ভৰ কৰে। সেইসমূহ হৈছে সামাজিক একতা, তৃণমূল পৰ্যায়ৰ পৰা দেশপ্ৰেমৰ প্ৰমূল্য যোগাই তোলা, পৰিবেশৰ প্ৰতি সজাগতা, আত্মনিৰ্ভৰশীলতা আৰু সামাজিক দায়বদ্ধতা। উপৰাষ্ট্ৰপতিগৰাকীয়ে জনসাধাৰণক বিশেষকৈ যুৱক যুৱতীসকলক ভাৰতবৰ্ষক অনুশাসন আৰু নীতি সমৃদ্ধ গর্বিত ৰাষ্ট্ৰ হিচাপে ৰূপান্তৰ ঘটাবলৈ এই বুনিয়াদি বিষয়কেইটা মানি চলিবলৈ আহ্বান জনায়। শ্রীধনখড়ে এন চি চিৰ অৱদানৰ বিষয়ে উল্লেখ কৰি কয়, যে এই সংগঠনটোৱে অনুশাসন মানি চলা এটা শ্ৰেণীৰ সৃষ্টি কৰি বিকাশৰ পথেৰে অগ্ৰসৰ হবলৈ প্ৰেৰণা দি আহিছে। চলিত বছৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ১৭টা এন চি চি সঞ্চালকালয়ৰ ৯১৭ গৰাকী ছোৱালীকে ধৰি ২৩০০ গৰাকী কেডেটে গণৰাজ্য দিৱসৰ কুছকাৱাজত অংশ লব বুলি তেওঁ প্ৰকাশ কৰে।