দেশৰ জনস্বাস্থ্য প্রতিষ্ঠানসমূহ সবল কৰি তোলাৰ লগতে সকলোৰে বাবে স্বাস্থ্যৰ সুবিধা সুনিশ্চিত কৰাৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাৰ প্ৰতিশ্ৰুতি

কেন্দ্ৰীয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই দেশৰ জনস্বাস্থ্য প্রতিষ্ঠানসমূহ সবল কৰি তোলাৰ লগতে সকলোৰে বাবে স্বাস্থ্যৰ সুবিধা সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দোহাৰিছে। নতুন দিল্লীত ৰাষ্ট্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ প্ৰতিষ্ঠানৰ ৪৮ সংখ্যক বাৰ্ষিক দিৱস উদযাপন অনুষ্ঠানত ভার্চুৱেল পদ্ধতিৰে অংশগ্ৰহণ কৰি দিয়া ভাষণত তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰীনাড্ডাই কয় যে দেশত জনস্বাস্থ্য ক্ষেত্ৰত কৰ্মৰত লোকসকলৰ সক্ষমতা নির্মাণ সম্পৰ্কীয় কাম-কাজ তথা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানখনে আগশাৰীৰ ভূমিকা গ্ৰহণ কৰে। প্ৰতিষ্ঠানখনত ৰাষ্ট্ৰীয় শীতল শৃংখল আৰু প্ৰতিষেধক ব্যৱস্থাপনা গৱেষণা কেন্দ্ৰৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি শ্ৰীনাড্ডাই কয় যে এই কেন্দ্রক সম্প্রতি আন্তঃৰাষ্ট্ৰীয় উৎকৰ্ষতা কেন্দ্ৰলৈ উন্নীত কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে। ইয়াৰ জৰিয়তে দেশৰ ভৌগলিক পৰিসীমা অতিক্ৰম কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষেধক আৰু যোগান শৃংখল ক্ষেত্ৰত ভাৰতৰ আগশাৰীৰ ভূমিকা প্রতিফলিত হোৱা বুলিও তেওঁ প্ৰকাশ কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলে তেওঁৰ ভাষণত কয় যে ভাৰতে জনস্বাস্থ্য ক্ষেত্ৰৰ নতুন দিগন্তত প্ৰবেশ কৰিছে। চৰকাৰে সাৰ্বজনীন স্বাস্থ্যৰ সুবিধা প্ৰদান কৰা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা বুলিও তেওঁ প্ৰকাশ কৰে। দেশত সকলো পৰ্যায়ৰ স্বাস্থ্য সেৱাৰ সুবিধা উন্নীত কৰাৰ জৰিয়তে স্বাস্থ্য সেৱা জনসাধাৰণৰ বাবে সূচল তথা সুলভ কৰি তোলাৰ উদ্দেশ্যে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰখা বুলি তেওঁ উল্লেখ কৰে। চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলৰ সমৰ্থতা বৃদ্ধিৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি শ্ৰীমতী পেটেলে ডিজিটেল শিক্ষণ প্ৰক্ৰিয়াৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো মত প্রকাশ কৰে৷