ডাউনলোড
মোবাইল এপ

android apple
signal

দেশৰ জনসাধাৰণৰ নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে ১০টা কৃত্রিম উপগ্রহই ২৪ ঘণ্টাই অহৰহ কাম কৰি আছে বুলি ইছৰোৰ অধ্যক্ষ ড০ ভি নাৰায়ণনৰ প্ৰকাশ

দেশৰ জনসাধাৰণৰ নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে ১০ টা কৃত্রিম উপগ্রহই ২৪ ঘণ্টাই অহৰহ কাম কৰি আছে বুলি ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান-ইছৰোৰ অধ্যক্ষ ড০ ভি নাৰায়ণনে প্ৰকাশ কৰিছে। ইম্ফলৰ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ পঞ্চম সমাৱৰ্তনত অংশ লৈ অধ্যক্ষগৰাকীয়ে কয়, যে দেশৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে আমাৰ ৭ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল অঞ্চল নিৰীক্ষণ কৰিব লাগিব। কৃত্ৰিম উপগ্ৰহ আৰু ড্রোন প্ৰযুক্তিৰ অবিহনে এয়া সম্ভৱ নহয় বুলি উল্লেখ কৰি শ্ৰীনাৰায়ণনে কয়, যে ইছৰোই কৃষি, টেলি-শিক্ষা, টেলি ঔষধ, দূৰদৰ্শনৰ সম্প্ৰচাৰ, বতৰৰ আগজাননী, পৰিবেশ, খাদ্য, সুৰক্ষা আৰু কৌশলগত খণ্ডত সেৱা আগবঢ়াই আহিছে। ইছৰোৰ পূৰ্বৰ অভিযানৰ সাফল্যৰ কথা উল্লেখ কৰি তেওঁ কয়, যে ৩৪ খন দেশৰ কমেও ৪৩৩ টা কৃত্রিম উপগ্রহ ভাৰতৰ পৰা উৎক্ষেপন কৰা হৈছে আৰু ইয়াৰ কক্ষপথত সফলভাৱে স্থাপন কৰা হৈছে। তেওঁ কয়, যে ১৯৭৫ চনলৈকে ভাৰতৰ কোনো উপগ্ৰহ প্ৰযুক্তি নথকাৰ বাবে উন্নত দেশৰ তুলনাত ভাৰত এই ক্ষেত্ৰত প্ৰায় ৭০ বছৰ পিছপৰি আছিল। তেওঁ সাধাৰণ লোকৰ উন্নয়নৰ বাবে উন্নত উপগ্ৰহ প্ৰযুক্তিৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ড০ নাৰায়ণনে স্বাধীনতাৰ এশ বছৰ সম্পূৰ্ণ কৰাৰ পূৰ্বে প্ৰতিটো ক্ষেত্ৰতে ভাৰত অগ্রণি দেশ হিচাপে স্বীকৃত হোৱাৰ সম্ভাৱনীয়তা ব্যক্ত কৰে। ইছৰোৰ অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে যে উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ প্রায় এশগৰাকী বিজ্ঞান শিক্ষাৰ্থীয়ে বেংগালুৰুত থকা ইছৰোৰ কেন্দ্ৰ পৰিদৰ্শন কৰাৰ সুযোগ লাভ কৰিব। উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে ইছৰো আৰু ইয়াৰ ভালেসংখ্যক কৃত্রিম উপগ্রহই কাম কৰি আছে বুলিও অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক