ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 24, 2024 10:12 AM | JJM

printer

দেশৰ গ্ৰামাঞ্চলৰ ১৫ কোটি পৰিয়াললৈ নলযোগে পানী যোগানৰ সংযোগ

জল জীৱন মিছনে দেশৰ গ্ৰামাঞ্চলৰ ১৫ কোটি পৰিয়াললৈ নলযোগে পানী যোগানৰ সংযোগ প্ৰদান কৰি ঐতিহাসিক সাফল্য অৰ্জন কৰিছে। ২০২৪ চনৰ ভিতৰত গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালক নলযোগে পানী যোগানৰ লক্ষ্যৰে ২০১৯ চনত এই অভিযানৰ ঘোষণা কৰা হৈছিল। বিগত পাঁচ বছৰত এই অভিযানৰ অধীনত নলযোগে পানী যোগান লাভ কৰা পৰিয়ালৰ সংখ্যা ৩ কোটিৰ পৰা ১৫ কোটিলৈ বৃদ্ধি কৰা হৈছে। জল শক্তি মন্ত্ৰী চি আৰ পাৰ্টিলে সামাজিক মাধ্যমযোগে কৈছে যে এই সাফল্যই দেশবাসীক অকল বিশুদ্ধ পানীৰ উপহাৰ প্ৰদান কৰাই নহয় বৰং তেওঁলোকৰ জীৱনৰ মানো উন্নত কৰিছে। বৰ্তমানলৈকে ৮খন ৰাজ্য আৰু ৩টা কেন্দ্রীয় শাসিত অঞ্চলে পানী যোগানৰ ১০০ শতাংশ লক্ষ্যত উপনীত হৈছে। ইয়াৰ ভিতৰত গোৱা, তেলেংগানা, হাৰিয়ানা, গুজৰাট, পাঞ্জাব, হিমাচল প্ৰদেশ, মিজোৰাম, অৰুণাচল প্ৰদেশ, পুডুচেৰী, দাদা-নগৰ হাভেলী দমন আৰু দিউ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ আছে।