কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণবে দেশৰ গণতন্ত্ৰত সংবাদ মাধ্যমে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰিছে। নতুন দিল্লীত ৰাষ্ট্ৰীয় প্ৰেছ দিবস উদযাপন উপলক্ষে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে দিৱস উপলক্ষে সংবাদ মাধ্যমক বিশ্বাসযোগ্যতা শক্তিশালী কৰাৰ লগতে ভুল তথ্যক প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে এই বক্তৃতাৰ আয়োজন কৰা হৈছে। এই দিবস উপলক্ষে মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত কৰ্মৰত সকলোকে অভিনন্দন জনায়। আজিৰ অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্রী ড০ এল মুৰুগান, বিভাগটোৰ সচিব সঞ্জয় জাজু আৰু প্ৰেছ কাউন্সিল অব ইণ্ডিয়াৰ অধ্যক্ষ ন্যায়াধীশ ৰঞ্জনা প্রকাশ দেশাই উপস্থিত থাকে। এই উপলক্ষে দিয়া ভাষণত ন্যায়াধীশ ৰঞ্জনা প্রকাশ দেশাইয়ে কয় যে সাংবাদিকতাই সততা, অধ্যৱসায়ৰ লগতে জনধাৰণক দায়বদ্ধতাৰে নিৰন্তৰভাৱে সঠিক তথ্য যোগান ধৰাত অৰিহণা যোগাইছে। তেওঁ কয় যে সাংবাদিকতা কেবল এটা পেছা নহয়, ই সত্যৰ সন্ধান আৰু এই কামৰ বাবে সাহসৰ প্ৰয়োজন। উল্লেখযোগ্য যে ১৯৬৬ চনৰ আজিৰ দিনটোতে সংবাদ মাধ্যমৰ স্বতন্ত্র প্রহৰী স্বৰূপ প্ৰেছ কাউন্সিল অব ইণ্ডিয়া গঠন হৈছিল আৰু সেয়ে এই দিনটোতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস প্ৰতি বছৰে উদযাপন কৰা হয়।
Site Admin | November 16, 2025 8:16 PM | Ashwini Vaishnav | National Press Day
দেশৰ গণতন্ত্ৰত সংবাদ মাধ্যমে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে বুলি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণবৰ মন্তব্য