● প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ বিশ্বই ভাৰতলৈ আশা আৰু ইতিবাচক দৃষ্টিভংগীৰে বাট চোৱা আৰু দেশৰ উদ্ভাৱনী শক্তিৰে সমৃদ্ধ নতুন প্ৰজন্মৰ ওপৰত বিনিয়োগ কৰিবলৈ ইচ্ছুক বুলি মন্তব্য কৰিছে। লগতে বিগত এহেজাৰ বছৰ ধৰি সোমনাথ মন্দিৰৰ অৱস্থিতিয়ে দেশৰ সভ্যতা-সংস্কৃতি অতুলনীয় হোৱাৰ কথাটোকে প্রতীয়মান কৰে বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।
১০২৬ খ্ৰীষ্টাব্দত গজনি মাহমুদে গুজৰাটৰ সোমনাথ মন্দিৰত চলোৱা নৃংশংস আক্ৰমনৰ এহেজাৰ বছৰ পূৰ্ণ হোৱা উপলক্ষে লিখা এটা প্ৰৱন্ধত এই কথা প্ৰকাশ কৰি তেওঁ কয় যে বিস্তৰ প্ৰতিকুলতা আৰু শত্ৰুৰ বাৰম্বাৰ আক্ৰমণৰ পাছতো এই মন্দিৰ সগৰ্বে থিয় হৈ থকাটোৱে সভ্যতা সংস্কৃতিৰ অতুলনীয় শক্তিৰ কথাকে প্ৰমাণ কৰে । সোমনাথ মন্দিৰৰ পুনৰুদ্ধাৰৰ বাবে গ্ৰহণ কৰা বিভিন্ন প্রচেষ্টা আৰু পদক্ষেপৰ শলাগ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয়, যে ২০২৬ চনত আৰু কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব। উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজাৰ্টৰ সোমনাথ মন্দিৰ দৰ্শন কৰিব।