দেশৰ আভ্যন্তৰীণ আৰু বাহ্যিক সুৰক্ষা প্ৰত্যাহ্বান সমূহৰ উচিত ভাবে মোকাবিলা কৰিব পৰাকৈ বাস্তৱসন্মত প্রস্তুতিৰ ওপৰত প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ

দেশৰ আভ্যন্তৰীণ আৰু বাহ্যিক সুৰক্ষা প্ৰত্যাহ্বান সমূহৰ উচিত ভাবে মোকাবিলা কৰিব পৰাকৈ বাস্তৱসন্মত প্রস্তুতিৰ ওপৰত প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি ভাৰতৰ উপকূলৰক্ষী কামাণ্ডাৰৰ সন্মিলনত অংশ লৈ দিয়া ভাষণত শ্ৰী সিঙে কয়, যে প্রতিৰক্ষা বাহিনীসমূহ দেশৰ সুৰক্ষাৰ প্ৰতি আহিব পৰা বিভিন্ন ভাবুকি প্ৰতিহত কৰিব পৰাকৈ সাজু হৈ থকা উচিত। তেওঁ কয়, যে বর্তমান সময়ত প্ৰত্যাহ্বানসমূহ পৰিৱৰ্তনশীল হোৱা হেতুকে অধিক প্রস্তুতিৰ প্রয়োজন। তেওঁ লগতে স্বয়ংক্রিয় সুৰক্ষা ব্যৱস্থাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্রী সিঙে কয়, যে বৈদ্যুতিন সমৰসজ্জা সম্প্রতিক সময়ত বাস্তৱ সন্মত পন্থা হিচাপে পৰিগণিত হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।