ডাউনলোড
মোবাইল এপ

android apple
signal

দেশৰ আগশাৰীৰ চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ অধ্যয়নত কোভিড-১৯ প্ৰতিষেধক সুৰক্ষিত আৰু ফলপ্ৰসু বুলি প্ৰমাণিত

● ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু অখিল ভাৰতীয় আয়ুৰবিজ্ঞান প্ৰতিষ্ঠানৰ বিশদ অধ্যয়ণত কোভিড-১৯ প্ৰতিষেধক আৰু কোভিডত্তোৰ কালত প্ৰাপ্ত বয়স্ত লোকৰ আকস্মিক মৃত্যুৰ কোনো সম্পৰ্ক নাই বুলি নির্ণায়কভাবে প্রমাণিত হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰ্যালয়ে কৈছে যে দেশৰ আগশাৰীৰ চিকিৎসা গৱেষণা প্ৰতিষ্ঠান দুটাৰ অধ্যয়নত ভাৰতত ব্যৱহাৰ হোৱা কোভিড-১৯ প্ৰতিষেধক সুৰক্ষিত আৰু ফলপ্ৰসু বুলি প্ৰমাণিত হৈছে আৰু এনে প্ৰতিষেধকৰ গুৰুতৰ পাৰ্শ্বক্ৰিয়া তেনেই দুর্লভ। দেশত আনুবংশিক, জীৱনশৈলী, পূৰ্বৰ অৱস্থা আৰু কোভিডৰ পাছৰ জটিলতাসহ আন কেইবাটাও কাৰকৰ বাবে হৃদৰোগত আক্ৰান্ত হৈ আকস্মিকবাৱে মৃত্যু হোৱা ঘটনা বৃদ্ধি পাইছে বুলি অধ্যয়নত কোৱা হৈছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰই বিশেষকৈ ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ লোকৰ আকস্মিক আৰু ব্যাখ্যাতীত মৃত্যুৰ কাৰণ জনাৰ বাবে একেলগে কাম কৰি আছে। এনে মৃত্যুৰ কাৰণ উদ্ঘাটন কৰাৰ বাবে অতীতৰ তথ্য আৰু বাস্তৱিক সময়ৰ পৰীক্ষণৰ ভিত্তিত ভিন ভিন গৱেষণা দৃষ্টিভংগীৰ সহায়ত দুটা সুকীয়া অধ্যয়ন অব্যাহত আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।