দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব এইডছ দিৱস পালন কৰা হৈছে। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে বিশ্ব এইডছ দিৱসৰ মূল কাৰ্যসূচী অনুষ্ঠিত হৈছে। এইবাৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে- অন্তৰায় অতিক্ৰমী এইডছৰ বিৰুদ্ধে যুঁজ দিওঁ আহক ৷
দক্ষিণ শালমৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত আজি জিলা এইডছ নিয়ন্ত্রণ সমিতি, জিলা স্বাস্থ্য সমিতি আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ যৌথ উদ্যোগত বিশ্ব এইডছ দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে স্বাস্থ্য কর্মী আৰু অংগনবাড়ী কৰ্মীসকলে এইডছৰ সজাগতামূলক সমদল উলিওৱাৰ লগতে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ত সজাগতামূলক সভা অনুষ্ঠিত কৰে। এইডছ দিৱসৰ সৈতে সংগতি ৰাখি স্বাস্থ্য কৰ্মী আৰু সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰীসকলৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।
ধুবুৰী জিলা স্বাস্থ্য বিভাগে বিশ্ব এইডছ দিৱস উপলক্ষে আজি বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰে। এই উপলক্ষে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জ্যোতি কুমাৰ দাসৰ নেতৃত্বত এটা শোভাযাত্ৰা উলিওৱা হয়। জিলাখনত এইডছ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনত সম্প্রতি প্রায় ২০০ গৰাকী এইডছ আক্রান্ত লোক থকা বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে।
বিশ্বনাথ জিলাৰ বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়ত জিলা স্বাস্থ্য সমিতি আৰু জিলা এইডছ নিয়ন্ত্রণ সমিতিৰ উদ্যোগত তথা বিহালী প্ৰেছ ক্লাবৰ সহযোগত বিশ্ব এইডছ দিৱস পালন কৰা হয়। এই উপলক্ষে সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ লগতে এইডছ বিৰোধী সমদলো উলিওৱা হয় ৷
বিশ্ব এইডছ দিৱস উপলক্ষে আজি ধেমাজি জিলাৰ পি এম শ্রী নৱোদয় বিদ্যালয়ত জিলা স্বাস্থ্য বিভাগে সজাগতা সমদল, তথ্যচিত্ৰ প্ৰদৰ্শন আৰু সভা অনুষ্ঠিত কৰে।
ৰাজ্যৰ অন্যান্য প্ৰান্ততো বিভিন্ন স্বেচ্ছাসেৱী সংস্থা আৰু সংগঠনৰ উদ্যোগত এইডছ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ।