ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দেশে ঔপনিবেশিক মানসিকতা পৰিহাৰ কৰিছেঃ জগদীপ ধনখড়

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, ৰাজহুৱা প্ৰশাসনৰ সৈতে জড়িত লোকসকল ৰাষ্ট্ৰবাদ, বিকশিত আৰু সংঘবদ্ধ ভাৰতবৰ্ষৰ ধাৰণা আৰু পক্ষপাতিত্ব অবিহনে দেশৰ সকলো নাগৰিককে সেৱা আগবঢ়োৱাৰ প্ৰমূল্যৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হোৱা উচিত। নতুন দিল্লীত আজি ৰাজহুৱা প্ৰশাসনৰ ভাৰতীয় প্ৰতিষ্ঠান-আই আই পি এৰ সাধাৰণ পৰিষদৰ ৭০ সংখ্যক বাৰ্ষিক বৈঠকত ভাষণ দি উপৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীধনখড়ে কয় যে, দেশে ঔপনিবেশিক মানসিকতা পৰিহাৰ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, তথ্য হৈছে সমাজৰ প্ৰয়োজনসমূহ মূল্যায়ন কৰাৰ প্ৰাথমিক ভেঁটি। সঠিক তথ্যই সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰি প্ৰকৃত সত্যৰ প্ৰতি জনসাধাৰণক সজাগ কৰি সমাজৰ কল্যাণ সাধন কৰে বুলি তেওঁ লগতে উল্লেখ কৰে। শ্ৰীধনখড়ে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মৰ ওপৰত আলোকপাত কৰি কয় যে, নতুন ফৌজদাৰী আইন কেইখনে ভাৰতীয় ফৌজদাৰী ন্যায় ব্যৱস্থাক ঔপনিবেশিক উত্তৰাধিকাৰীৰ বান্ধোনৰ পৰা মুক্ত কৰিছে।