দেশত ৰে’ল দুৰ্ঘটনা ৰোধ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ

কেন্দ্ৰীয় চৰকাৰে কৈছে যে, দেশত ৰে’ল দুৰ্ঘটনা ৰোধ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ আৰু ইউ পি এৰ শাসন কালৰ তুলনাত ৰে’ল দুৰ্ঘটনা ৬৮ শতাংশ হ্রাস পাইছে। লোকসভাত আজি ৰে’ল মন্ত্ৰ্যালয়ৰ দাবী মঞ্জুৰি সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, ইউ পি এৰ শাসন কালত ৰে’ল দুৰ্ঘটনাৰ বাৰ্ষিক গড় ১৭১ আছিল । সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে অধিক প্ৰয়াসৰ আৱশ্যকতা আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে, ২০২২-২৩ বৰ্ষত সুৰক্ষাৰ বাবদ ৮৭ হাজাৰ কোটিৰো অধিক টকা ব্যয় কৰা হৈছে আৰু যোৱা বিত্তিয় বছৰত এই পৰিমাণ ৯৮ হাজাৰ কোটি টকাৰো অধিক হৈছে। এইবাৰৰ বাজেটত সুৰক্ষামূলক ব্যৱস্থাৰ বাবে এক লাখ আঠ হাজাৰ কোটি টকাৰ আৱণ্টন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে, ব্যাপক পৰিসৰত স্বয়ংক্রিয় ৰে’ল সুৰক্ষা ব্যৱস্থা-কবচ প্ৰৱৰ্তন কৰাৰ বাবে দেশৰ প্ৰয়োজনীয় মানৱ সম্পদ আৰু সামৰ্থ আছে। ৰে’লৱেৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন উদ্যমৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ১০ হাজাৰ অতিৰিক্ত সাধাৰণ শ্ৰেণীৰ ডবা উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। তেওঁ কয় যে, চৰকাৰে অধিক অমৃত ভাৰত ৰে’লগাড়ী নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে। দুখন বৃহৎ চহৰৰ মাজত কম দূৰত্বৰ যাত্ৰাৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে শীঘ্ৰে বন্দে মেট্ৰ’ ৰে’ল সেৱা আৰম্ভ কৰা হ’ব বুলি মন্ত্ৰাগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, অনাগত সময়ত বন্দে ভাৰত, অমৃত ভাৰত, বন্দে মেট্ৰ’ আৰু বন্দে শ্লীপাৰ ৰে’লগাড়ীসমূহে যাত্রী সুবিধা চকুত লগা ধৰণে বৃদ্ধি কৰিব। তেওঁ লগতে কয় যে, বৈদ্যুতিকীকৰণে দক্ষতা বৃদ্ধিত যথেষ্ট সহায় কৰিছে আৰু বিগত ১০ বছৰত ৪৪ হাজাৰ কিলোমিটাৰ ৰে’ল পথৰ বৈদ্যুতিকীকৰণ কৰা হৈছে।
ৰে’লৱেৰ নিযুক্তি অভিযান সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, ২০১৪ চনৰে পৰা ৰে’ল বিভাগে পাঁচ লাখৰো অধিক লোকক নিযুক্তি প্রদান কৰিছে। চলিত বৰ্ষৰ পৰা ৰে’ল বিভাগৰ নিযুক্তিৰ বাৰ্ষিক কেলেণ্ডাৰ আৰম্ভ কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰী বৈষ্ণৱে লগতে দৈনিক ২০ হাজাৰৰো অধিক ৰে’ল গাড়ীৰ পৰিচালনাৰ সৈতে জড়িত ২০ লাখ কর্মীক ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীয়ে অযোধ্যা ৰে’ল ষ্টেচনৰ বিষয়ে অপপ্ৰচাৰ চলোৱা বুলি অভিযোগ তোলে। শ্ৰী বৈষ্ণৱৰ উত্তৰত অসন্তুষ্ট হৈ বিৰোধীপক্ষৰ সদস্যসকলে সদনত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।