August 10, 2025 11:15 AM | M Venkaya Naidu

printer

দেশত সেউজ বিপ্লৱৰ গুৰি ধৰা এম. এছ. স্বামীনাথনৰ অৱদানৰ কথা কেতিয়াও পাহৰিব পৰা নাযায় বুলি প্ৰাক্তন উপ ৰাষ্ট্ৰপতি এম. ভেংকায়া নাইডুৰ প্রকাশ

দেশত সেউজ বিপ্লৱৰ গুৰি ধৰা এম. এছ. স্বামীনাথনৰ অৱদানৰ কথা কেতিয়াও পাহৰিব পৰা নাযায় বুলি প্ৰাক্তন উপ ৰাষ্ট্ৰপতি এম. ভেংকায়া নাইডুই প্রকাশ কৰিছে। নতুন দিল্লীত আয়োজিত এম. এছ. স্বামীনাথন শতবার্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি শ্রীনাইডুৱে কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, প্ৰফেচাৰ স্বামীনাথন এগৰাকী পৰিকল্পনাকাৰী, বিজ্ঞানী, গৱেষক আৰু সৰ্বোপৰি এগৰাকী মানৱতাবাদী আছিল। এম. এছ. স্বামীনাথনৰ ভৱিষ্যদর্শী কাম-কাজে দেশৰ ভাগ্য সলনি কৰা বুলি শ্ৰীনাইডুৱে উল্লেখ কৰে। তেওঁ কয়, যে যি সময়ত দেশ খাদ্য অভাৱৰ সন্মুখীন হৈছিল সেই সময়ত এই বিজ্ঞানীগৰাকীয়ে সেউজ বিপ্লৱৰ বৈজ্ঞানিক আধাৰশিলা স্থাপন কৰিছিল। এই সফলতাই ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ যাত্ৰা সুনিশ্চিত কৰিছিল বুলি শ্ৰীনাডুৱে উল্লেখ কৰে।