ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 2, 2025 11:32 AM | GST

printer

দেশত সামগ্ৰী আৰু সেৱা কৰ জি এছ টিৰ পৰিমাণ ৯.১ শতাংশ বৃদ্ধি

দেশত যোৱা ফেব্ৰুৱাৰীত সংগৃহীত সামগ্ৰী আৰু সেৱা কৰ জি এছ টিৰ পৰিমাণ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ৯.১ শতাংশ বৃদ্ধি ১ লাখ ৮৪ হাজাৰ কোটি টকা হয়। দেশত ফেব্ৰুৱাৰীকে ধৰি বিগত ১২ মাহত এক লাখ ৭০ হাজাৰ কোটিৰো অধিক টকাৰ জি এছ টি সংগ্ৰহ হৈছে। প্ৰাপ্ত তথ্য অনুসৰি এই সময়ছোৱাত কেন্দ্ৰীয় জি এছ টি হিচাপে ৩৫,২০৪ কোটি, ৰাজ্যিক জি এছ টি হিচাপে ৪৩,৭০৪ কোটি, সংহত জি এছ টি হিচাপে ৯০,৮৭০ কোটি আৰু ক্ষতিপূৰণ উপকৰ ১৩,৮৬৮ কোটি টকা সংগৃহীত হয়। ফেব্ৰুৱাৰীত ২০,৮৮৯ কোটি টকাৰ ৰিফাণ্ড জাৰি কৰা হয়। ৰিফাণ্ড বাদ দি ফেব্ৰুৱাৰী মাহত ক্ষুদ্ধ জি এছ টি সংগ্রহ ৮.১ শতাংশ বৃদ্ধি পাই প্রায় ১ লাখ ৬৩ হাজাৰ কোটি টকা হয় ৷