দেশত শেহতীয়া ছবছৰৰ অধিক কালত প্ৰায় ১৭ কোটি কর্মসংস্থাপনৰ সৃষ্টি কৰা হৈছে। কেন্দ্ৰীয় শ্রম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত নিযুক্তিৰ সংখ্যা ২০১৭-১৮ বৰ্ষৰ ৪৭ কোটি ৫০ লাখৰ পৰা ২০২৩-২৪ বৰ্ষত ৬৪ কোটি ৩৩ লাখলৈ বৃদ্ধি পাইছে। এই তথ্য অনুসৰি ছবছৰৰ অধিক কালত এই সংখ্যা ১৬ কোটি ৮৩ লাখ বৃদ্ধি পাইছে। একেদৰে নিবনুৱাৰ হাৰো ২০১৭-১৮ বৰ্ষৰ ৬ শতাংশৰ পৰা ২০২৩-২৪ বৰ্ষত ৩.২ শতাংশলৈ হ্ৰাস পায়। দেশৰ কর্মশক্তিত মহিলাৰ অংশগ্রহণ বিশেষভাৱে বৃদ্ধি পোৱা বুলি উল্লেখ কৰি মন্ত্ৰ্যালয়ে লগতে প্ৰকাশ কৰা মতে, বিগত ৭ বছৰৰ অধিক কালত আনুষ্ঠানিক খণ্ডত ১ কোটি ৫৬ লাখতকৈও অধিক সংখ্যক যুৱতী আৰু মহিলাই যোগদান কৰিছে। তদুপৰি বিগত সময়ছোৱাত নিযুক্তিৰ ধৰণ উল্লেখনীয়ভাৱে সলনি হোৱাৰ ফলত ২০২৩-২৪ বৰ্ষত আত্মসংস্থাপনৰ হাৰ ৫৮.৪ শতাংশলৈ বৃদ্ধি পোৱা বুলিও তথ্যত প্ৰকাশ পাইছে।
Site Admin | October 5, 2025 6:54 PM | Ministry of Labour and Employment
দেশত শেহতীয়া ছবছৰৰ অধিক কালত প্ৰায় ১৭ কোটি কর্মসংস্থাপনৰ সৃষ্টি কৰা হৈছে