বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কয়, যে দেশত যোৱা এটা দশকতে প্রত্যক্ষ লাভ হস্তান্তৰ ৯০ গুণতকৈ অধিক বৃদ্ধি হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী সীতাৰমনে কয়, যে ২০১৪ চনত ৭ হাজাৰ কোটিৰো অধিক প্ৰত্যক্ষ লাভ হস্তান্তৰ কৰা হৈছিল আৰু বিগত বিত্তীয় বৰ্ষত এই পৰিমাণ ৬ লাখ ৪৩ হাজাৰ কোটিলৈ বৃদ্ধি হৈছে। ২০২৪-২৫ বৰ্ষত ২৬০ লাখ কোটিৰো অধিক ধন লেনদেনেৰে ভাৰতে বাস্তৱিক লেনদেনৰ ক্ষেত্ৰত বিশ্বক নেতৃত্ব দিছে বুলি কেন্দ্রীয় বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Site Admin | June 12, 2025 3:15 PM | Akashvani News | Finance Minister | FM Nirmala Sitharaman
দেশত যোৱা এটা দশকতে প্রত্যক্ষ লাভ হস্তান্তৰ ৯০ গুণতকৈ অধিক বৃদ্ধি হৈছে: বিত্তমন্ত্ৰী
