দেশত যক্ষ্মা ৰোগত মৃত্যু হোৱাৰ লোকৰ হাৰ ২০১৫ চনত প্ৰতি ১ লাখত ২৮ জনৰ পৰা ২০২৪ চনত প্ৰতি লাখত ২১ জনলৈ হ্ৰাস পাইছে

ভাৰতত যক্ষ্মা ৰোগত মৃত্যু হোৱাৰ লোকৰ হাৰ ২০১৫ চনত প্ৰতি ১ লাখত ২৮ জনৰ পৰা ২০২৪ চনত প্ৰতি লাখত ২১ জনলৈ হ্ৰাস পাইছে বুলি কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই প্ৰকাশ কৰিছে। টি বি মুক্ত ভাৰত অভিযানৰ বিষয়ে নতুন দিল্লীত সদনৰ সম্প্ৰসাৰিত ভৱনৰ সভাগৃহত অনুষ্ঠিত বৈঠকত সাংসদসকলক উদ্দেশ্যি দিয়া এটা ভাষণত শ্ৰীনাড্ডাই যক্ষ্মা ৰোগ নিৰ্মূলৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সাংসদসকলে আগবঢ়োৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়েও উল্লেখ কৰে। তেওঁ সাংসদসকলক তেওঁলোকৰ সংশ্লিষ্ট সমষ্টিসমূহত এই অভিযানৰ অগ্ৰগতি নিৰীক্ষণ কৰিবলৈ আহ্বান জনায়। এই ৰোগ সন্দৰ্ভত সজাগতা বৃদ্ধি, ভুল ধাৰণা হ্ৰাস কৰা আৰু যক্ষ্মা মুক্ত অভিযানত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ সমাজৰ সকলো শ্ৰেণীৰ লোককে উদ্বুদ্ধ কৰিবলৈও সাংসদসকলক শ্ৰীনাড্ডাই অনুৰোধ জনায়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি উত্তৰ প্ৰদেশৰ প্ৰায় ৬০ গৰাকী সাংসদে টি বি মুক্ত ভাৰত অভিযানত অংশগ্ৰহণ কৰি নিজ নিজ সমষ্টিত এই ক্ষেত্ৰত প্ৰয়োজনীয় সহযোগ আগবঢ়োৱাৰ বাবে প্ৰতিশ্ৰুতি আগবঢ়ায়। সাংসদসকলক যক্ষ্মা ৰোগত নির্মূলৰ বাবে বিগত ১০ বছৰত গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বিষয়েও অৱগত কৰোৱা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।