ডাউনলোড
মোবাইল এপ

android apple
signal

দেশত তিনিটা নতুন মেট্ৰ’ ৰে’ল প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱত কেন্দ্রীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় কেবিনেটে দেশত তিনিটা নতুন মেট্ৰ’ ৰে’ল প্ৰকল্প ৰূপায়নৰ প্ৰস্তাৱত অনুমোদন দিছে। এই প্রকল্পসমূহৰ ভিতৰত ১৫ হাজাৰ ৬১১ কোটি টকাৰে ৰূপায়ণ কৰিবলগীয়া বাংগালুৰু মেট্ৰ’ৰ তৃতীয় পৰ্যায়, ১২ হাজাৰ ২০০ কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া থানে ইণ্টিগ্ৰেট ৰিং মেট্ৰ’ ৰে’ল প্ৰকল্প আৰু প্ৰায় ৩ হাজাৰ কোটি টকা ব্যয়েৰে স্বাৰগেটৰ পৰা কটৰাজলৈ দক্ষিণ দিশে পুনে মেট্ৰ’ ৰে’লৰ প্ৰথম পৰ্যায়ৰ সম্প্ৰসাৰণ অন্যতম। কেবিনেট বৈঠকৰ অন্তত কালি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, সম্প্ৰতি দেশৰ ২১ খন চহৰত মেট্ৰ’ ৰে’ল চলি আছে। কিন্তু ১০ বছৰ পূৰ্বে মাত্ৰ ৫ খন চহৰতহে মেট্‌ ৰে’ল সেৱা কাৰ্যক্ষম হৈ আছিল । তেওঁ কয় যে, গোলকীয় পৰ্যায়ত মেট্ৰ’ ৰে’ল নেটৱৰ্কৰ দূৰত্বৰ দিশৰ পৰা ভাৰত তৃতীয় স্থানত আছে। শ্রীবৈষ্ণৱে লগতে অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে বিহাৰৰ বিহটা আৰু পশ্চিমবংগৰ বাগদোগ্ৰাত নতুন অসামৰিক বহিঃক্ষেত্ৰৰ বিকাশৰ প্ৰস্তাৱত অনুমোদন জনোৱা বুলি প্ৰকাশ কৰে। তেওঁ কয় যে, প্ৰস্তাৱ অনুসৰি বাগদোগ্ৰা বিমান বন্দৰত আনুমানিক এহেজাৰ ৫৪৯ কোটি টকা ব্যয়েৰে নতুন অসামৰিক বহিঃক্ষেত্ৰ নিৰ্মাণ কৰা হ’ব। ইয়াৰ ফলত বাগদোগ্রা বিমান বন্দৰৰ সঞ্চালন দক্ষতা আৰু যাত্ৰীৰ অভিজ্ঞতা যথেষ্ট উন্নত হ’ব আৰু অঞ্চলটোৰ গুৰুত্বপূৰ্ণ বিমান যাত্রা কেন্দ্ৰ হিচাপে বিমান বন্দৰটোৰ ভূমিকা সুদৃঢ় হ’ব। মন্ত্ৰীগৰাকীয়ে কয় যে, বিহাৰৰ বিহটাত এহেজাৰ ৪১৩ কোটি টকাৰে নতুন অসামৰিক বহিঃক্ষেত্ৰ নিৰ্মাণ কৰা হ’ব। এই আন্তঃগাঁথনি প্রকল্প পাটনা বিমান বন্দৰৰ সামৰ্থ্যৰ আনুমানিক সংপৃক্তিৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত কৌশলগত পদক্ষেপ ৰূপে পৰিগণিত হ’ব।