ডাউনলোড
মোবাইল এপ

android apple
signal

August 15, 2025 8:10 PM | PM GST

printer

দেশত জিএছটিৰ অগ্ৰগতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আলোকপাত

দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৭ চনত কাৰ্যকৰী হোৱা সামগ্ৰী আৰু সেৱা কৰ চমুকৈ জিএছটিয়ে দেশৰ অগ্ৰগতিত আগবঢ়োৱা অৱদান সন্দৰ্ভত আলোকপাত কৰে। সাধাৰণ জনতা, কৃষক, মধ্যবিত্ত শ্ৰেণীৰ লোক আৰু অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বাবে জিএছটিয়ে সকাহ কঢ়িয়াই আনিছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে জিএছটি পৰৱৰ্ত্তী পৰ্যায়ৰ সংস্কাৰত গুৰুত্ব আৰোপ কৰে। চৰকাৰে পৰৱৰ্তী পৰ্যায়ত জিএছটিয়ে আত্মনিৰ্ভৰ ভাৰতৰ তিনিটা স্তৰ – গাঁথনিগত সংস্কাৰ, হাৰৰ উচিত মূল্য আৰু সহজলভ্য জীৱন যাপনত গুৰুত্ব প্ৰদান কৰিব বুলিও উল্লেখ কৰে। এই বিষয়টো পৰীক্ষণ কৰিবলৈ জিএছটি পৰিষদে গঠন কৰা মন্ত্ৰীগোটলৈ প্ৰেৰণ কৰা হৈছে । এই সংস্কাৰৰ জৰিয়তে শ্ৰেণীবিভাজন সম্পৰ্কীয় বিবাদ হ্ৰাস কৰা, নিৰ্দিষ্ট খণ্ডসমূহত বিপৰীত শুল্কৰ গাঁথনি
-সংশোধন কৰা, হাৰৰ অধিক সুস্থিৰতা নিশ্চিত কৰা, ব্যৱসায় সহজলভ্য কৰা আদি চেষ্টা কৰা হ’ব। এই ব্যৱস্থাসমূহে মূল অর্থনৈতিক খণ্ডসমূহ অধিক শক্তিশালী কৰাৰ লগতে সম্প্ৰসাৰণ বৃদ্ধি কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।