ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দেশত কর্মসংস্থান বিষয়ক উদগণি আঁচনিত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই দেশত কর্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে প্ৰায় এক লাখ কোটি টকাৰে ৰূপায়ণ কৰিবলগীয়া কর্মসংস্থান বিষয়ক উদগণি আঁচনিত অনুমোদন জনাইছে। এই আঁচনিৰ অধীনত দুই বছৰত দেশত ৩ কোটি ৫০ লাখৰো অধিক কর্মসংস্থাপন সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰি হৈছে। চলিত বৰ্ষৰ পহিলা আগষ্ট আৰু ২০২৭ চনৰ ৩১ জুলাইৰ ভিতৰত সৃষ্টি হোৱা চাকৰিৰ ক্ষেত্ৰত এই আঁচনি প্ৰযোজ্য হ’ব। আঁচনিৰ জৰিয়তে নির্মাণ খণ্ডত বিশেষ গুৰুত্ব আৰোপেৰে সকলো ক্ষেত্ৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি আৰু সামাজিক সুৰক্ষা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মন্ত্ৰীসভাৰ বৈঠকৰ সিদ্ধান্তৰ বিষয়ে নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে এই আঁচনিৰ অধীনত প্ৰথমবাৰৰ বাবে কৰ্মসংস্থাপন লাভ কৰা কৰ্মচাৰীসকলক এমাহৰ দৰমহা ১৫ হাজাৰ টকা পৰ্যন্ত লাভ কৰিব। তেওঁ কয়, যে নির্মাণখণ্ডত দুবছৰৰ বাবে সম্প্ৰসাৰিত লাভৰ সৈতে অতিৰিক্ত কর্মসংস্থাপন সৃষ্টি কৰাৰ বাবে নিয়োগকৰ্তাসকলক উদগণিমূলক ধনৰাশি প্ৰদান কৰা হ’ব। মন্ত্রীসভাই এক লাখ কোটি টকাৰ মূলধনেৰে গৱেষণা উন্নয়ন আৰু উদ্ভাৱন আঁচনিতো অনুমোদন জনোৱা বুলি শ্রীবৈষ্ণৱে জানিবলৈ দিয়ে। দেশৰ গৱেষণা আৰু উদ্ভাৱন তন্ত্র শক্তিশালী কৰাৰ বাবে ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ প্ৰসাৰৰ জৰিয়তে দীৰ্ঘকালিন পুঁজি যোগান নিশ্চিত কৰাই এই আঁচনিৰ মূল উদ্দেশ্য। শ্রীবৈষ্ণৱে কয়, যে দেশৰ খেল প্ৰেক্ষাপটৰ ৰূপান্তৰ আৰু খেল ধেমালীৰ মাজেৰে নাগৰিকসকলক সৱল কৰি তোলাৰ বাবে ৰাষ্ট্ৰীয় ক্রীড়া নীতি ২০২৫ তো মন্ত্রীসভাই অনুমোদন দিছে। তেওঁ কয়, যে এই নীতিৰ জৰিয়তে ভাৰতবৰ্ষক খেলৰ ক্ষেত্ৰত বিশ্বৰ ৫ খন শীৰ্ষ ৰাষ্ট্ৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰোৱাৰ লক্ষ্য থিৰাং কৰা হৈছে। মন্ত্ৰীসভাই এহেজাৰ ৮৫৩ কোটি টকা ব্যয় সাপেক্ষ তামিলনাডু চাৰিলেনযুক্ত পৰমকুণ্ডি-ৰামানাথপুৰম সংযোগী পথ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন দিয়া বুলিও শ্রীবৈষ্ণৱে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।