দেশপ্ৰেমৰ চেতনাৰে জনসাধাৰণক উদ্বুদ্ধ কৰাৰ বাবে দেশজুৰি আজিৰে পৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেশাত্মবোধৰ মানসিকতাৰে ৰাইজক প্ৰেৰিত কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী অনুষ্ঠিত হৈছে।
হোজাই জিলাৰ ডবকা পৌৰসভাৰ অধীনত হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে আজি স্বেচ্ছাসেৱী গোটৰ সদস্যসকলে তৈয়াৰ কৰা ত্ৰিৰংগ পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয়।
বৰপেটা জিলাত এই কাৰ্যসূচীৰ অংশ হিচাপে চেঙা আদৰ্শ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে জাতীয় পতাকাৰ আৰ্হিত মহাবিদ্যালয়ৰ চৌহদত আল্পনা আঁকে। জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলেও আজি স্বচ্ছতাৰ সৈতে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ শপত বাক্য পাঠ কৰে। এই বিষয়া-কৰ্মচাৰীসকলে গাঁৱে গাঁৱে গৈ জনসাধাৰণক নিজৰ নিজৰ অঞ্চলসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ আহ্বান জনাব।
শ্ৰীভূমি জিলাত ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধীনত আত্ম সহায়ক গোটসমূহে হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ বাবে ত্ৰিৰংগ পতাকাৰ যোগান ধৰিব। শ্ৰীভূমি জিলা আয়ুক্তই সকলো বিভাগৰ মুৰব্বীসকলক পতাকাৰ প্ৰয়োজনীয়তাসমূহ ১১ আগষ্টৰ ভিতৰত অৱগত কৰিবলৈ আহ্বান জনাইছে।