এটা বিৰল মহাজাগতিক পৰিঘটনাৰ ফলস্বৰূপে আজি নিশাৰ আকাশত ব্যতিক্রমী ধৰণৰ পূর্ণগ্রাস চন্দ্ৰগ্ৰহণ পৰিলক্ষিত হ’ব। এই চন্দ্ৰগ্রহণ সমগ্র দেশতে দৃশ্যমান হ’ব। গুৱাহাটীৰ লগতে দিল্লী, মুম্বাই, কোলকাতা আৰু বেংগালুৰুকে ধৰি দেশৰ সকলো নগৰ-মহানগৰৰ উপৰি সমগ্ৰ এছিয়া, অস্ট্রেলিয়া, পূৱ আফ্ৰিকা আৰু ইউৰোপৰ অংশ বিশেষত এই চন্দ্রগ্রহণ দেখিবলৈ পোৱা যাব। তথ্য অনুসৰি এই চন্দ্ৰগ্ৰহণ আজি নিশা ৮ বাজি ৫৮ মিনিটত আৰম্ভ হ’ব আৰু ২ বাজি ২৫ মিনিটত ইয়াৰ সমাপ্তি ঘটিব। প্রায় ৮২ মিনিট সময়ৰ বাবে পূর্ণগ্রাস চন্দ্ৰগ্ৰহণ সম্পন্ন হ’ব বুলিও প্ৰকাশ পাইছে। উল্লেখযোগ্য যে গুৱাহাটী তাৰকা গৃহত আজি নিশাৰ এই বিৰল পৰিঘটনা চাব পৰাকৈ প্রস্তুতি গ্ৰহণ কৰা হৈছে বুলি বিভাগীয় কর্তৃপক্ষই আকাশবাণীক জানিবলৈ দিছে।
Site Admin | September 7, 2025 7:41 PM | Full moon
দেওবাৰৰ নিশাৰ আকাশত পূর্ণগ্রাস চন্দ্ৰগ্ৰহণ পৰিলক্ষিত হ’ব
