দেউৰী জনগোষ্ঠীৰ লোকসকলে আজি মাঘ বিচু অর্থাৎ মাঘ বিহু পালন কৰিছে। জনগোষ্ঠীটোৰ বসতিপ্ৰধান ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীৰ পূব চিৰাম দেউৰী, পশ্চিম চিৰাম দেউৰী আৰু মাজৰ দেউৰী গাঁৱৰ লোকসকলে উলহ-মালহেৰে বিহু পালন কৰিছে। পূব চিৰাম গাঁৱৰ দেউৰী ৰাইজে সমজুৱাকৈ আয়োজন কৰা ভোগালী বিহুস্থলীত কালি উৰুকাৰ নিশা ভোজ-ভাত খাই আজি পুৱতি নিশা পৰম্পৰা ৰক্ষা কৰি মেজিত অগ্নি সংযোগ কৰা হয়। গাঁৱৰ ৰাইজে সমূহীয়াকৈ অগ্নি সেৱা কৰি আশীৰ্বাদ লয়।
Site Admin | January 22, 2026 12:36 PM | Aakashbani | Akashvani | Akashvani Guwahati | Bisu | Deuri | Magh Bihu
দেউৰী জনগোষ্ঠীৰ লোকসকলৰ আজি মাঘ বিচু অর্থাৎ মাঘ বিহু পালন