জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, শোণিতপুৰ আৰু এডুপুৰ ছ’চাইটি, তেজপুৰৰ যৌথ উদ্যোগত দুৰ্যোগৰ সময়ত ল’বলগীয়া সাৱধানতাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে তেজপুৰত আজি বাটৰ নাট অভিযানৰ উদ্বোধন কৰা হয়। তেজপুৰ কৰ্ট চাৰিআলিত অনুষ্ঠিত এই অনুষ্ঠানটো তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথিৰাজ ৰাভাই উদ্বোধন কৰে। অনুষ্ঠানত জিলা আয়ুক্ত তথা ডি ডি এম এৰ অধ্যক্ষ, জিলা আৰক্ষী অধীক্ষক, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, উপ জিলা আয়ুক্ত তথা ডি ডি এম এৰ মুখ্য কাৰ্যবাহী বিষয়া আদিৰ লগতে বিখ্যাত অভিনেতা অৰুণ নাথ আৰু অভিনেত্ৰী কৃষ্ণা দাস নাথো উপস্থিত থাকে। অনুষ্ঠানত বাটৰ নাট প্ৰদৰ্শনৰ লগতে নাট্যদলৰ যাত্ৰা অনুষ্ঠানৰ সূচনা কৰা হয়। এই অভিযান কালত জিলাখনৰ ৫খন ৰাজহ চক্ৰত মুঠ ৫০খন নাট প্ৰদৰ্শন কৰা হ’ব। জনসাধাৰণৰ মাজত প্ৰাকৃতিক দুর্যোগ যেনে বানপানী আৰু ব্ৰজপাতৰ সময়ত ল’বলগীয়া সাৱধানতাৰ সন্দৰ্ভত সজাগ কৰি তুলিবলৈ জনসাধাৰণৰ মাজত প্ৰচাৰ পত্ৰ আদিও বিতৰণ কৰা হয়।
Site Admin | January 4, 2025 6:23 PM | ASDM
দুৰ্যোগত সাৱধানতাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে তেজপুৰত বাটৰ নাট অভিযান