ডাউনলোড
মোবাইল এপ

android apple
signal

দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে বিশ্বনাথ জিলা পৰিবহণ বিভাগৰ যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ

দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে বিশ্বনাথ জিলা পৰিবহণ বিভাগে যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে। পৰিবহণ বিভাগে হেলমেট পৰিধান নকৰা মটৰচাইকেল আৰোহী অথবা ৪ চকীয়া বাহনত ছিল্টবেল্ট ব্যৱহাৰ নকৰা চালকক জৰিমনা বিহিছে। চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা জুলাই মাহলৈ জিলা পৰিবহণ বিভাগে আইন উলংঘাকাৰীৰ বিৰুদ্ধে ই-চালান কাটি প্রায় ৭ কোটি ৯৫ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰিছে। সকলো চালককে যান-বাহন আইন মানি চলিবলৈ জিলা পৰিবহণ বিষয়া শৈলেন দাসে আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।