প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটলৈ যাব। এই ভ্রমণকালত শ্রী মোদীয়ে কাইলৈ কেবড়িয়াৰ একটা নগৰত এহেজাৰ ১৪০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান আন্তঃগাঠনি আৰু উন্নয়ন প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্রধানমন্ত্রীয়ে উদ্বোধন কৰিলগীয়া প্রকল্পসমূহৰ ৰাজপিপলাৰ ভিতৰত বিবছা মুণ্ডা জনজাতীয় বিশ্ববিদ্যালয়, রামন বৃক্ষ বাতিকা, বৈদ্যুতিক বাছ চার্জিং ডিপো আৰু ২৫খন বৈদ্যুতিক বাছৰ সেৱা অন্যতম। ইয়াৰ উপৰিও শ্রীমোদীয়ে ভাৰতৰ ৰাজকীয় সংগ্ৰহালয়, ক্রীড়া চৌহদ, শুলপানেশ্বৰ ঘাটৰ সমীপত অৱতৰণ সেতুৰ উন্নয়ন আৰু একতাৰ প্ৰতিমূৰ্তিত ট্রেভেলেতৰ অর্থাৎ ঘূর্ণিয়মান পথসহ ভালেমান প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব।
শুকুৰবাৰে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বার্ষিকী উপলক্ষে নেতাগৰাকীৰ প্ৰতি পুষ্পার্ঘ্য নিবেদন কৰিব। তেওঁ লগতে একতা দিৱসৰ সংকল্প আৰু কুজ-কাবাজতো ভাগ ল’ব। এইবেলি একতা দিৱসৰ কুজ-কাবাজৰ মুখ্য আকর্ষণ সীমা সুৰক্ষা বাহিনীৰ মার্চিং দল হ’ব। এই দলত ৰামপুৰ হাউণ্ডচ্ছ আৰু মুলে হাউণ্ডছৰ দৰে ভাৰতীয় প্ৰজাতিৰ কুকুৰ অন্তৰ্ভুক্ত হ’ব।