ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বাহৰেইনৰ বিদেশমন্ত্রী আব্দুল্লাটিফ বিন ৰছিদ আলজায়ানিৰ দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত

বাহৰেইনৰ বিদেশমন্ত্রী আব্দুল্লাটিফ বিন ৰছিদ আলজায়ানি দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হয়। এই ভ্ৰমণৰ সময়ছোৱাত বাহৰেইনৰ বিদেশমন্ত্ৰীগৰাকীয়ে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰক সাক্ষাৎ কৰিব। যোৱা বছৰ ডিচেম্বৰত ৬০ এছ জয়শংকৰৰ বাহৰেইন ভ্ৰমণৰ পিছতে আব্দুল্লাটিফ বিন ৰছিদ আলজায়ানিৰ এই ভ্রমণে বিশেষ তাৎপর্য বহন কৰিছে। যোৱা বছৰ বাহৰেইন ভ্ৰমণৰ সময়ত ড০ জয়শংকৰে ভাৰত-বাহৰেইন যুটীয়া উচ্চ আয়োগৰ চতুৰ্থ বৈঠকত সহ অধ্যক্ষতা কৰিছিল। এই বৈঠকত দুয়ো পক্ষই শিক্ষা খণ্ডত দ্বিপাক্ষিক সহযোগিতাৰ পৰিসৰ সম্প্ৰসাৰণৰ বাবে সন্মতি প্ৰকাশ কৰিছিল। দুয়োখন দেশে ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ সহযোগিতাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ হকে কাম কৰি আছে। বাহৰেইনৰ বিদেশ মন্ত্ৰীগৰাকী কাইলৈ স্বদেশলৈ উভতি যাব।