দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ শিলচৰ ভ্ৰমণ

দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য শিলচৰলৈ যাব। তেওঁ বৰাক উপত্যকাৰ গুৰুত্বপূৰ্ণ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে দুখন প্ৰতিষ্ঠান পৰিদৰ্শন কৰিব। বিয়লি চাৰে ৩ বজাত কাছাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত এখন উচ্চ পৰ্যায়ৰ পর্যালোচনা বৈঠকত ৰাজ্যপালগৰাকীয়ে অংশ ল’ব। কাইলৈ পুৱা চাৰে ৯ বজাত ৰাজ্যপালগৰাকীয়ে ৰামকৃষ্ণ মিছন পৰিদৰ্শন কৰাৰ লগতে ৰেডক্ৰছ শিশু চিকিৎসালয়ো পৰিদৰ্শন কৰিব। ভ্রমণ কাৰ্যসূচী সামৰি ৰাজ্যপালগৰাকীয়ে কাইলৈ বিয়লিলৈ গুৱাহাটীলৈ উভতি আহিব বুলি আমাৰ শিলচৰৰ সংবাদদাতাই জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।