ডাউনলোড
মোবাইল এপ

android apple
signal

দুদিনীয়া ভ্ৰমণসূচীৰে মিজোৰাম, মণিপুৰ আৰু অসমলৈ প্রধানমন্ত্ৰী মোদী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে আজি মিজোৰাম, মণিপুৰ আৰু অসমলৈ আহিব। প্রধানমন্ত্ৰীয়ে আজি দিনৰ ১০ বজাত আইজলৰ লামউৱালত আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্মিত ৱৈৰৱী-চাইৰাং ৰে’লপথেৰে তিনিখন নতুন ৰেলগাড়ীৰ যাত্ৰাৰ ভার্চুৱেলি শুভাৰম্ভ কৰিব। এই নতুন ৰেলগাড়ীকেইখন হৈছে চাইৰাং আৰু দিল্লীৰ মাজত সাপ্তাহিক ৰাজধানী এক্সপ্ৰেছ, চাইৰাং আৰু গুৱাহাটীৰ মাজত দৈনিক এক্সপ্ৰেছ আৰু চাইৰাং আৰু ক’লকাতাৰ মাজত ত্রিসাপ্তাহিক এক্সপ্ৰেছ।

ইয়াৰ পাছত প্ৰধানমন্ত্ৰী মণিপুৰলৈ যাব আৰু চূড়াচান্দপুৰ, ইম্ফলত দুখন জনসভাত অংশ ল’ব। শ্ৰী মোদীয়ে ৰাজ্যখনত ৮ হাজাৰ কোটিৰো অধিক টকা মূল্যৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।
ইপিনে, আজি আবেলিৰ ভাগত প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ আহিব আৰু বিয়লি ৫ বজাত খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ অনুষ্ঠানত অংশগ্রহণ কৰিব। এই অনুষ্ঠানতে তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া মুদ্রা আনুষ্ঠানিকভাৱে মুকলি কৰিব। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানতে অসম চৰকাৰৰ তত্বাৱধানত সংকলন কৰা ড° ভূপেন হাজৰিকাৰ বহুভাষিক জীৱনী গ্ৰন্থখনো আনুষ্ঠানিকভাৱে উন্মোচন কৰিব। প্রধানমন্ত্ৰীৰ সন্মানাৰ্থে প্ৰায় এহেজাৰ ২০০গৰাকী শিল্পীয়ে খানাপাৰাৰ খেলপথাৰত বিশ্ববিশ্রুত শিল্পীগৰাকীৰ ১৪টা বচা বচা গান আৰু কবিতা একেলগে পৰিৱেশন কৰিব। ইপিনে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি নিশা খানাপাৰাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত পর্যালোচনা কৰে।
প্রধানমন্ত্ৰীয়ে নিশাটো কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটোৱাৰ পাছত কাইলৈ মঙলদৈলৈ যাব আৰু প্রায় ৫৭৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ লগতে এখন জি এন এম স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। কাইলৈ তেওঁ ভার্চুৱেল পদ্ধতিৰে প্ৰায় ৭ হেজাৰ কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেঙ্গী-কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্রকল্পৰো আধাৰশিলা স্থাপন কৰিব।
ইয়াৰ পাছত শ্ৰীমোদী গোলাঘাট জিলাৰ নুমলীগড়লৈ যাব আৰু নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰিব। প্রধানমন্ত্ৰীয়ে শোধনাগাৰটোৰ নতুন পলিপ্রপিলিন গোটটোৰো আধাৰশিলা স্থাপন কৰিব।
এই কাৰ্যসূচীৰ পাছত প্ৰধানমন্ত্ৰীয়ে যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰ হৈ কলকাতালৈ উভতি যাব।