দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। প্রধানমন্ত্ৰীগৰাকীয়ে সন্ধিয়া ৬ বজাত সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত প্ৰায় ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত থাকিব। অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অংশস্বৰূপ বড়োসকলৰ বাগৰুম্বা নৃত্যৰ বিশ্বজুৰি প্ৰসাৰৰ অর্থে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কালি সমাপ্ত হোৱা বাগৰুম্বা নৃত্যৰ চূড়ান্ত আখৰাত ৰাজ্যৰ ২৩ খন জিলাৰ ৮১ টা সমষ্টিৰ পৰা অহা ১০ হাজাৰ শিল্পীয়ে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই কালি সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ সমগ্ৰ পৰিবেশ তদাৰক কৰাৰ লগতে সমবেত শিল্পীসকলক সাহস আৰু অনুপ্ৰেৰণা যোগায়।
প্রধানমন্ত্রী মোদীয়ে কাইলৈ কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত কলিয়াবৰৰ পৰা বোকাখাতলৈ ছহেজাৰ ৯৫৭ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া কাজিৰঙা এলিভেটেড কৰিড’ৰৰ
আধাৰশিলা স্থাপন কৰিব। এই এলিভেটেড কৰিড’ৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটনৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলি কৃষিমন্ত্ৰী অতুল বৰাই আশা প্রকাশ কৰিছে।
প্রধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণৰ সময়তে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমটিলৈ আৰু গুৱাহাটীৰ পৰা ৰ’হটকলৈ চলিবলগীয়া দুখন ৰে’লগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব।