পশ্চিমবংগ ভ্রমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। এই ভ্রমণকালত প্রধানমন্ত্রী মোদীয়ে প্ৰায় ১৫ হাজাৰ ৬০০ কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যখনত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে আজি গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নৱনিৰ্মিত বাঁহ অর্কিড টার্মিনেল ভৱন উদ্বোধন কৰিব। ৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে এই নতুন টার্মিনেল ভৱনটো নিৰ্মাণ কৰা হৈছে। প্ৰায় এক লাখ ৪০ হাজাৰ বৰ্গমিটাৰ এলেকাজুৰি নিৰ্মাণ কৰা এই নতুন টার্মিনেলটো বছৰি এক কোটি ৩০ লাখ যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ নিৰ্মাণ কৰা হৈছে। বাঁহ অৰ্কিড বিষয়বস্তুৰে নিৰ্মাণ কৰা এই টার্মিনেল ভৱনে অসমৰ জৈৱ বৈচিত্ৰ্য আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিমানবন্দৰতে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব। তেওঁ লগতে টার্মিনেল ভৱনৰ বাহিৰত এখন জনসভাত ভাগ ল’ব। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ সন্মানাৰ্থে দলীয় কৰ্মকৰ্তাসকলে বৃহৎ ৰোড শ্ব’ৰ আয়োজন কৰিছে।
শ্রীমোদীয়ে কাইলৈ গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ কেইবাগৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশ লৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত ছহিদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি ৮৬০ গৰাকী বীৰ ছহিদ প্রণিপাত জনাই ছহিদ বেদীত পুষ্পাঞ্জলি অর্পণ কৰিব।
প্রধানমন্ত্ৰীগৰাকী ইয়াৰ পাছত নামৰূপলৈ যাব আৰু নামৰূপ সাৰ কাৰখানাত ১২ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ নতুন ব্রাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে এখন জনসভাতো অংশ ল’ব।
Site Admin | December 20, 2025 11:53 AM | PM Assam Visit
দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ