প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে তামিলনাড়ুলৈ যাব। ব্ৰিটেইন আৰু মালদ্বীপৰ ভ্ৰমণ সামৰি শ্রীমোদী পোনে পোনে তামিলনাডুৰ তুতিকুৰিণত উপস্থিত হ’ব। তুতিকুৰিণত আজি নিশা তেওঁ ৪ হাজাৰ ৮০০ কোটিৰো অধিক টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে তেওঁ তুতিকুৰিণ বিমান বন্দৰৰ নতুন টার্মিনেল ভৱন উদ্বোধন কৰিব।
প্রধানমন্ত্ৰীয়ে কাইলৈ গংগাইকোণ্ডা চোলপুৰমত আদি থিৰুভাথাইৰায় উৎসৱত অংশগ্ৰহণ কৰিব। এই উৎসৱ তামিলনাডুৰ আৰিয়ালুৰ জিলাৰ গংগাইকোণ্ডা চোলপুৰমত চোল বংশৰ ৰজা প্ৰথম ৰাজেন্দ্ৰ চোলৰ স্মৰণত সংস্কৃতিক মন্ত্ৰ্যালয়ৰ উদ্যোগত উদ্যাপন কৰা হৈছে। কাইলৈ এই উৎসৱত প্রধানমন্ত্ৰীৰ লগতে তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি, কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱৰ্ট আৰু কেন্দ্ৰীয় তথ্য সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী ড০ এল মুৰুগান উপস্থিত থাকিব
Site Admin | July 26, 2025 8:54 PM | PM Tamilnadu Visit
দুদিনীয়া ভ্ৰমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তামিলনাডু ভ্ৰমণ