চীনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ৱাং ই আজি দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভালৰ আমন্ত্ৰণত তেওঁ ভাৰতলৈ আহিছে। ভ্ৰমণকালত চীনৰ মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা তথা ভাৰতৰ বিশেষ প্রতিনিধি অজিত দোভালৰ সৈতে ভাৰত-চীন সীমান্তৰ সন্দৰ্ভত ২৪ সংখ্যক বিশেষ প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ’ব। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰৰ সৈতেও তেওঁ দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।
Site Admin | August 18, 2025 8:46 PM | Akashvani | Akashvani News | Chinese-Foreign-Minister-Wang-Yi
দুদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত চীনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ৱাং ই
