প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। প্রধানমন্ত্ৰীগৰাকীয়ে বিয়লি ৬ বজাত গুৱাহাটীৰ সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত প্ৰায় ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। বাগৰুম্বা নৃত্যৰ চূড়ান্ত আখৰাৰ বাবে ইতিমধ্যে সৰুসজাই ষ্টেডিয়ামত ৰাজ্যৰ ২৩ খন জিলাৰ ৮১ টা সমষ্টিৰ পৰা অহা ১০ হাজাৰ শিল্পী ব্যস্ত হৈ পৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ সমগ্ৰ পৰিবেশ তদাৰক কৰাৰ লগতে সমবেত শিল্পীসকলক সাহস আৰু অনুপ্ৰেৰণা দিয়াৰ উদ্দেশ্যে চমু ভাষণ প্ৰদান কৰে ।
ইয়াৰ পূৰ্বে কালি সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই বাগৰুম্বা নৃত্যৰ আখৰা পৰিদৰ্শন কৰে। অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অংশস্বৰূপ বড়োসকলৰ বাগৰুম্বা নৃত্যৰ বিশ্বজুৰি প্ৰসাৰৰ অৰ্থে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও কালি আবেলি সৰুসজাইত উপস্থিত হৈ বাগৰুম্বা নৃত্যৰ আখৰাৰ লগতে সামগ্রিক পৰিস্থিতিৰ বুজ লয়।
বাগৰুম্বা দ’হৌ অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত বিটিচিত নতুনকৈ নিযুক্তি লাভ কৰা শিক্ষকসকলৰ কাইলৈ হ’বলগীয়া নথি পৰীক্ষাৰ দিন পিছুৱাই দিয়া হৈছে।
প্রধানমন্ত্রী মোদীয়ে পৰহিলৈ কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত অংশ ল’ব আৰু এই সভাতে কলিয়াবৰৰ পৰা বোকাখাতলৈ ছহেজাৰ ৯৫৭ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া কাজিৰঙা এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব। মন্ত্রী পীযূষ হাজৰিকা, কেশৱ মহন্ত, সাংসদ কামাখ্যা প্রসাদ তাছা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে কালি প্ৰধানমন্ত্ৰীয়ে অংশ ল’বলগীয়া জনসভাস্থলী পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়।
প্রধানমন্ত্রী মোদীয়ে এই ভ্ৰমণৰ সময়তে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমটিলৈ আৰু গুৱাহাটীৰ পৰা ৰোহটক চলিবলগীয়া দুখন ৰে’লগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব।
Site Admin | January 16, 2026 7:47 PM | PM Modi in Assam
দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ