প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ গৈ মৰিছাচত উপস্থিত হ’বগৈ। তেওঁ মৰিছাচৰ ৰাষ্ট্ৰীয় দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ ভ্ৰমণ তথা অহা ১২ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় দিৱস উপলক্ষে মৰিছাচত সকলোবোৰ প্ৰস্তুতি তুংগত উঠিছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ১৯৬৮ চনৰ ১২ মাৰ্চত মৰিচাচে স্বাধীনতা লাভ কৰিছিল আৰু তাৰ পাছৰে পৰা প্ৰত্যেক বছৰে ১২ মাৰ্চৰ দিনটো মৰিছাচৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰি অহা হৈছে। ২০১৫ চনৰ পাছত প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে এই ৰাষ্ট্ৰীয় দিৱসৰ উদ্যাপনত এইবাৰকে লৈ দ্বিতীয়বাৰৰ বাবে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মৰিছাচৰ ৰাজধানী পোর্ট লুইত অনুষ্ঠিত হ’বলগীয়া এই দিৱসত প্ৰদৰ্শন কৰিবলগীয়া দেশখনৰ কুছকাৱাজৰ আখৰা আজি পূৰ্ণ গতিত চলি আছে আৰু ভাৰতৰ কুছকাৱাজৰ এটা গোটেও ইয়াত অংশগ্ৰহণ কৰিব। এই উপলক্ষে ভাৰতীয় নৌসেনা বাহিনীৰ এখন জাহাজ মৰিছাচত উপস্থিত হৈছে আৰু ভাৰতীয় বায়ুসেনাৰ আকাশগংগা স্কাই ডাইভিঙৰ দলটোৱেও এই ৰাষ্ট্ৰীয় দিৱসত ভাগ ল’ব।
Site Admin | March 10, 2025 8:59 PM | PM Visit
দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ গৈ মৰিছাচত উপস্থিত হ’বগৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
