দুদিনীয়া ভ্রমণসূচীৰে ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদী অসমলৈ আহিব

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ২০ ডিচেম্বৰত দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। প্রধানমন্ত্ৰীয়ে এই ভ্রমণকালত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেল ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। একেদিনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে গুৱাহাটীত এখন জনসভাত অংশগ্রহণ কৰিব।
শ্রীমোদীয়ে ২১ ডিচেম্বৰত ডিব্ৰুগড় জিলাৰ নামৰূপত স্থাপন হ’বলগীয়া এম’নিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰায় ১১ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া এই প্ৰকল্পত বছৰি ১২.৭ মেট্রিক টন এম’নিয়া ইউৰিয়া উৎপাদন কৰিব পৰা যাব। প্রধানমন্ত্ৰীৰ এই দুদিনীয়া ভ্ৰমণসূচীৰ প্ৰস্তুতি সন্দৰ্ভত যোৱা বুধবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কেইবাগৰাকী মন্ত্ৰী আৰু বিষয়াৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।